NORTHEAST NOW (Assamese)
অসম

গৃহ সমষ্টিত জনৰোষৰ সন্মুখীন কৃষিমন্ত্ৰী অতুল বৰা: ৰাইজৰ প্ৰশ্নবানত ঘটনাস্থলীৰ পৰাই ল’লে বিদায়

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 16, 2020 11:07 am
Image_1592279144715~2

জনসাধাৰণৰ মাজত সাহায্য বিতৰণ কৰিবলৈ আহি নিজৰ সমষ্টিতে ৰাইজৰ ৰোষত পৰিব লগীয়া হ’ল বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা ৷

১৫ জুনত বোকাখাতৰ বালিজানৰ মুৰংঘৰত কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ জনসাধাৰণৰ মাজত সাহায্য বিলাবলৈ লওঁতেই গাওঁবাসীয়ে বিভিন্ন প্ৰশ্নৰে মন্ত্ৰী গৰাকীক থকা সৰকা কৰে ৷

বিগত আঢ়ৈ মাহ সময় দেশত লকডাউন চলি থকাৰ পাছতো অতুল বৰাই এতিয়াহে সাহায্য দিবলৈ সময় পালে নেকি বুলি স্থানীয় লোকে প্ৰশ্ন কৰে ৷

ঘটনাৰ সময়ত বিভিন্ন জনে সমগ্ৰ ঘটনাটোক ম’বাইলেৰে আৱদ্ধও কৰে ৷

বিগত সময়চোৱাত বোকাখাতৰ মাজ মজিয়াত বুধেশ্বৰী পেগু, মাইটি পেগু, মমিতা দলে আৰু মুনু ডেকাৰ দৰে কেইবাগৰাকী মহিলাৰ হত্যাকাণ্ডৰ বিচাৰ, মাটিৰ পট্টা দিম বুলি দিয়া প্ৰতিশ্ৰুতিৰ উপৰিও লকডাউনৰ মাজত ৰাইজৰ সাহায্যাৰ্থে অহা কাজিৰঙা সমবায় সমিতিৰ ৯০০ কুইণ্টল চাউল হৰলুকিৰ বিচাৰ আদিৰ প্ৰশ্নৰে মন্ত্ৰী অতুল বৰা থকা সৰকা কৰে স্থানীয় লোকে ৷

এই প্ৰশ্ন সমুহৰ সঠিক উত্তৰ পালেহে অতুল বৰাক বালিজানত সাহায্য বিতৰণ কৰিবলৈ দিয়া হব বুলি ৰাইজে জনাই দিয়ে ৷

উপায়হীন হৈ মন্ত্ৰী অতুল বৰাই উক্ত স্থানৰ পৰা আঁতৰি যাবলৈ লওঁতেই একাংশ লোকে সমগ্ৰ ঘটনা ম’বাইলেৰে ভিডিঅ’ কৰিবলৈ লোৱাত মন্ত্ৰীৰ দেহৰক্ষীয়ে বাধা প্ৰদান কৰে ৷

ইয়াৰ বাবে উপস্থিত লোকসকল অধিক ক্ষুভিত হৈ পৰে ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত মন্ত্ৰী অতুল বৰাই ঘটনাস্থলীৰ পৰা আঁতৰি যাবলৈ বাধ্য হয় ৷

ইপিনে, ১৫ জুনৰ এই ঘটনাৰ সন্দৰ্ভত প্ৰকাশ কৰা এক বিবৃতিত অতুল বৰা সাংঘাতকভাৱে হতাশগ্ৰস্ত হৈ ৰাইজৰ সন্মুখত মূৰ থিয় কৰি কথা কোৱাৰ নৈতিক সাহস হেৰুৱাইছে বুলি মন্তব্য কৰিছে জীপাল কৃষক-শ্ৰমিক সংঘৰ সম্পাদক প্ৰবীণ পেগু আৰু জিলা সমন্বয়ক মনিকংকনা বৰবৰাই ৷

বিবৃতিটোৰ মতে মন্ত্ৰী অতুল বৰাই ইতিমধ্যে ভৰিৰ তলৰ মাটি হেৰুৱাইছে ৷ যাৰ বাবে সাহায্য বিতৰণৰ সময়তো পুলিচ চিপাহীৰ আৱেষ্টনিৰ সহায় ল’ব লগা হৈছে ৷ ১৫ জুনত বালিজানৰ পৰা বিমুখ হৈ তেওঁ উভতিব লগা হ’ল ৷

বিবৃতিৰ জড়িয়তে জীপাল কৃষক-শ্ৰমিক সংঘই অতুল বৰাক সকীয়াই দি এনে পুলিচৰাজেৰে আৰু গুণ্ডাগিৰিৰে জনতাৰ কেমেৰা কাঢ়িলৈ প্ৰকৃত তথ্য গাপ দিয়াৰ ফেচিষ্ট-স্বেচ্ছাস্বাৰী শাসনেৰে সৰ্বসাধাৰণক ভাবুকি দিয়াৰ অপচেষ্টা নকৰিবলৈ দাবী জনায় ৷

উল্লেখ্য যে লকডাউনৰ পটভুমিত আগন্তুক নিৰ্বাচনত নিজৰ স্থিতি সৱল কৰাৰ বাবেই সমষ্টিৰ ৬০ হেজাৰ পৰিয়ালৰ মাজত বিগত সময়চোৱাত খাদ্য সামগ্ৰী বিতৰণ কৰি ফুৰিছে কৃষিমন্ত্ৰ অতুল বৰাই ৷

এই কাৰ্যসুচীৰ অংশ হিচাবেই ১৫ জুনত খাদ্যসামগ্ৰী লৈ বালিজানলৈ  গৈছিল অতুল বৰা ৷