NORTHEAST NOW (Assamese)
অসম

উৎসৱৰ বতৰত সুখবৰ! ৰাজ্যত কমিছে ক’ভিদ সংক্ৰমণ

October 12, 2021 7:29 am
Covid Case in Assam

দুৰ্গোৎসৱৰ বতৰতে ৰাজ্যবাসীলৈ সকাহ। ৰাজ্যত ক্ৰমাৎ কমিছে ক’ভিদ আক্ৰান্ত ৰোগীৰ সংখ্যা।

অসমত সোমবাৰে ক’ভিদ-19ৰ ২৭০ টা নতুন গোচৰ পঞ্জীয়ন হয়। এই নতুন সংক্ৰামক ৰোগীৰ সৈতে ৰাজ্যত সক্ৰিয় ক’ভিদ ৰোগীৰ সংখ্যা হৈছে ২,৬৪৭। ৰাজ্যৰ ক’ভিদ সংক্ৰমণৰ হাৰ ০.৫৮ শতাংশত উপনীত হৈছে।

যোৱা ২৪ ঘণ্টাত কৰা ৪৬,৪২৯ টা ক’ভিদ-19 পৰীক্ষাৰ পাছত এই নতুন আক্ৰান্ত সকলক চিনাক্ত কৰা হৈছে। সোমবাৰে অসমত মুঠ পাঁচজন লোকৰ ক’ভিদত মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। আনহাতে ২২৩ জন আৰোগ্য হোৱা ৰোগীক অব্যাহতি দিয়া হৈছে।

কালি সৰ্বাধিক ক’ভিদ সংক্ৰমণ হোৱা জিলাবোৰ হৈছে কামৰূপ মেট্ৰ’ (১০৪), যোৰহাট (১৯), বৰপেটা (২০), কামৰূপ গ্ৰাম্য (১৫)।

ৰাজ্যৰ মুঠ আৰোগ্য ৰোগীৰ হাৰ ৯৮.৩৬ শতাংশৰ সৈতে ৫,৯৫,৩১৪ স্পৰ্শ কৰিছে।

ইফালে, ৰাজ্যখনত কোভিড সম্পৰ্কীয় মৃত্যুৰ হাৰ ০.৯৮ শতাংশৰ সৈতে ৫,৯৩১ ত উপনীত হৈছে।

অসমত সামগ্ৰিক ক’ভিদ সংক্ৰমণৰ কেচ ৬,০৫,২৩৯ টালৈ বৃদ্ধি হৈছে।