NORTHEAST NOW (Assamese)
অসম

অৱশেষত সদয়! ভ্ৰাম্যমান থিয়েটাৰলৈ অসম চৰকাৰৰ বিশেষ সাহায্য

October 12, 2021 7:53 am
Mobile Theatre

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা-কুশলীলৈ সাময়িক সকাহ। ক’ভিদ ১৯ ৰ বাবে সুদীৰ্ঘ ২ বছৰ ধৰি বন্ধ হৈ থকা ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগৰ প্ৰতি অৱশেষত সদয় হৈছে অসম চৰকাৰ।

ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ দিশলৈ লক্ষ্য ৰাখি চৰকাৰে ১৭খন ভ্ৰাম্যমান থিয়েটাৰক ১০ লাখ টকাকৈ সাহায্য বিতৰণ কৰে। ইয়াৰোপৰি থিয়েটাৰৰ ৯৭৪ গৰাকী কলা-কুশলীক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰে।

 

ক’ভিদৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা উদ্যোগটোৰ কলা-কুশলীসকলে এই সময়ছোৱাত সংকটৰ সন্মুখীন হৈছিল। কালি অসম চৰকাৰে প্ৰদান কৰা সাহাৰ্য্যৰ ফলত সাময়িক সকাহ লাভ কৰিছে এইসকল কৰ্মীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী বিমল বৰা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সাহায্য প্ৰদান কৰে।