NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত ড্ৰাগছসহ দুজনক আটক; ৩৫.৫৮ গ্ৰাম হেৰ’ইন জব্দ

Posted by: প্রণৱ কুমাৰ ডেকা, বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা, বঙাইগাঁও February 14, 2022 10:01 am
WhatsApp Image 2022-02-14 at 9.11.06 AM

বঙাইগাঁৱৰ নিউ বঙাইগাঁৱত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন  যুৱকক আটক কৰে ৷ উদ্ধাৰকৃত ড্ৰাগছখিনি ত্ৰিপুৰাৰ আগৰতলাৰ পৰা শিয়ালদহ অভিমুখী নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছযোগে সৰবৰাহকাৰী দুজনে বঙাইগাঁওলৈ কঢ়িয়াই আনিছিল ৷

এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বঙাইগাঁও আৰক্ষীয়ে ডিমাপুৰৰ পৰা ৰে’লেৰে দুদিনৰ ভিতৰতে বঙাইগাঁওলৈ ড্ৰাগছ কঢ়িয়াই আনিব বুলি গোপন সূত্ৰে লাভ কৰা খৱৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখে যদিও যোৱা দুদিনত কোনো ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাছিল ৷

কিন্তু পুনৰ শনিবাৰে নিউ বঙাইগাঁও আৰক্ষীয়ে ৰে’লযোগে বঙাইগাঁওলৈ দুজন যুৱকে ড্ৰাগছ কঢ়িয়াই আনিব বুলি খবৰ লাভ কৰে ৷

লগতে পঢ়ক: IPL Auction: দুদিন ধৰি চলা নিলামত ১০টা দলে ক্ৰয় কৰিলে মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক; চাওক সম্পূৰ্ণ তালিকা

ড্ৰাগছ সৰবৰাহকাৰীয়ে ডিমাপুৰ হৈ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লেৰে আহি নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামি বঙাইগাঁৱত ড্ৰাগছখিনি কোনোবাক যোগান ধৰি ইয়াৰ পৰা আন কোনো বাহনেৰে কোকৰাঝাৰলৈ যোৱাৰ খৱৰ লাভ কৰাৰ পিচত শনিবাৰে নিশা নিউ বঙাইগাঁও জংচনত আৰক্ষীয়ে অভিযান চলায় ৷

নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ অৱস্থান কৰাৰ পিছতে নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুকেশ ঘোষৰ নেতৃত্বত আৰক্ষীয়ে নিউ বঙাইগাঁও জংচনত অভিযান অব্যাহত ৰাখি দুজন যুৱকক ড্ৰাগছসহ আটক কৰে ৷

 আটকাধীন যুৱক দুজন ক্ৰমে ৰাহুল নাৰ্জাৰী (২৮) আৰু দিলবাৰ্ড বসুমতাৰী (৩০) আৰু দুয়োৰে ঘৰ কোকৰাঝাৰত বুলি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:ৰাজস্থানত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণ; হাত-ভৰি বান্ধি হোটেলৰ প্ৰথম মহলাৰ পৰা পেলাই দিলে তললৈ

আৰক্ষীয়ে যুৱকদ্বয়ে কঢ়িয়াই অনা বেগৰ ভিতৰত তিনিটা চাবোন কেচত ৩৫.৫৮ গ্ৰাম পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে কাগজৰ কিছু পুৰিয়াও জব্দ কৰে ৷ কাগজৰ পুৰিয়াত বগা পাউদাৰ সদৃহ পদাৰ্থ আছে যদিও সেয়া কি জানিব পৰা হোৱা নাই ৷ লগতে আৰক্ষীয়ে দুটা মোবাইল, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স,  কিছু নগদ ধনো জব্দ কৰে ৷

উল্লেখ্য যে ড্ৰাগছখিনি বঙাইগাঁৱত ডেলিভাৰী দি যুৱকদ্বয়ে অট’ৰিক্সা নতুবা অন্য বাহনেৰে কোকৰাঝাৰলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ আটকাধীন যুৱক দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷