NORTHEAST NOW (Assamese)
উত্তৰ-পূব

আগৰতলাত উত্তৰ- পূব নিটি মঞ্চৰ বৈঠক আৰম্ভ

Posted by: এন ই নাও নিউজ April 10, 2018 12:27 pm
Niti

উত্তৰ- পূব নিটি মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত আৰম্ভ হৈছে।

নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত আৰু ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত উত্তৰ- পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছে।

উল্লেখযোগ্য যে আগৰতলালৈ ৰাওনা হোৱাৰ পূৰ্বে ৰাজীৱ কুমাৰ আৰু জীতেন্দ্ৰ সিঙে সোমবাৰে এক যৌথ প্ৰেছ বিবৃতিযোগে বৈঠকখনৰ আলোচিত হ’ব লগা বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰিছিল।

বিকাশৰ নতুন ইঞ্জিন হিচাপে উত্তৰ পূৰ্বাঞ্চলক কেনেদৰে আগুৱাই নিব পৰা যায় সেই সন্দৰ্ভত এই বৈঠকখনত খৰচী মাৰি আলোচনা কৰাৰ লগতে কোতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে নিটি মঞ্চৰ এক সূত্ৰই।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰিত ‘উত্তৰ- পূবৰ বাবে নিটি মঞ্চ’ শীৰ্ষক এখন মঞ্চ গঠন কৰা হৈছিল। বিশেষকৈ উত্তৰ- পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশক নতুন গতি দিয়াৰ উদ্দেশ্যে গঠন কৰা এই মঞ্চখনৰ জৰিয়তে পাহাৰীয়া ৰাজ্যকেইখনৰ উন্নয়ন সম্ভৱ হ’ব বুলি আশা প্ৰকাশ কৰিছিল বিশেষজ্ঞ সকলে।

সেয়েহে নিটি মঞ্চৰ চলিত বৈঠকখন স্বাভাৱিকতে গুৰুত্বপূৰ্ণ।