NORTHEAST NOW (Assamese)
অসম

মহানগৰীত চাকৰিৰ প্ৰলোভনেৰে নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা প্ৰবঞ্চকক গ্ৰেপ্তাৰ গীতা নগৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ April 10, 2018 1:50 pm

মহানগৰীত চাকৰিৰ প্ৰলোভনেৰে নিৱনুৱাৰ পৰা ধন সংগ্ৰহ কৰা ৭ টা প্ৰবঞ্চকক গীতা নগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে মানসজ্যোতি মহন্ত নামৰ এজন ভুক্তভোগী নিবনুৱা যুৱকৰ এজাহাৰৰ ভিত্তিত গীতা নগৰ আৰক্ষীয়ে প্ৰবঞ্চক কেইটাক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে গীতা নগৰৰ শান্তি নগৰত নিউ লাইভ নামৰ এটা প্ৰতিষ্ঠান খুলি প্ৰবঞ্চক কেইটাই চাকৰি দিয়াৰ নামত কেইবাজনো নিবনুৱা যুৱকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল।

প্ৰতিষ্ঠানটোৰ প্ৰবঞ্চনাৰ সম্পৰ্কত শেহতীয়াকৈ মানসজ্যোতি মহন্তই জানিব পাৰি গীতা নগৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰে। আনহাতে আৰক্ষীয়ে মানসজ্যোতিয়ে ৰুজু কৰা গোচৰৰ ভিত্তিতে প্ৰতিষ্ঠানটোত অভিযান চলাই প্ৰৱঞ্চক কেইটাক আটক কৰে।

আটকাধীন প্ৰবঞ্চক কেইটাক গীতানগৰ আৰক্ষীয়ে ক্ৰমে প্ৰিয়া দেৱী, অন্তৰা ভট্টাচাৰ্য, মল্লিকা দেৱনাথ, কৰৱী পাটগিৰী, লিটি কলিতা, ব্যভিচৰণ কাঠাৰ আৰু মৃণাল শইকীয়া বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে প্ৰবঞ্চক কেইটাক জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়ে এনেদৰে ভুৱা প্ৰতিষ্ঠান খুলি ৰাজ্যখনৰ নিবনুৱা সকলৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। গতিকে স্থানীয় সচেতন মহলে এই ক্ষেত্ৰত প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।