NORTHEAST NOW (Assamese)
দেশ

খহি পৰিল বংগৰ সংগীত জগতৰ সোণালী তৰা: কিংবদন্তী গায়িকা সন্ধ্যা মুখাৰ্জীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2022 7:56 am
Sandhya Mukherjee

বংগৰ সংগীত জগতত এটা সোণালী যুগৰ সমাপ্তি। বংগৰ সংগীত জগতত এক সুকীয়া স্থান দখল কৰা কিংবদন্তী গায়িকা সন্ধ্যা মুখাৰ্জীয়ে ত্যাগ কৰিলে শেষ নিশ্বাস।

৯০ বছৰীয়া কিংবদন্তী গায়িকাগৰাকীয়ে মঙলবাৰে সন্ধিয়া কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।

সন্ধ্যা মুখাৰ্জীয়ে সংগীত জগতক তেওঁৰ কণ্ঠৰ যাদুৰে কেইবা দশক ধৰি মোহাচ্ছন্ন কৰি ৰাখিছিল। প্ৰায় ১৭ খন হিন্দী চলচ্চিত্ৰৰ বাবে গান গোৱাৰ পিছত, তেওঁ ব্যক্তিগত কাৰণত কলকাতালৈ গুচি যায়।

তেতিয়াৰ পৰাই বংগৰ সুমধুৰ পৃথিৱীত এটা নতুন অধ্যায় আৰম্ভ হৈছিল। তেওঁ ‘জয় জয়ন্তী’, ‘নিশিপদ্ম’ বোলছবিত কণ্ঠদানৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

বেংগল বিভূষণেৰে সন্মানিত সন্ধ্যা মুখাৰ্জীৰ নাম কেন্দ্ৰীয় চৰকাৰে চলিত বছৰৰ গণতন্ত্ৰ দিৱসৰ এদিন পূৰ্বে ঘোষণা কৰা পদ্মশ্ৰী বঁটাৰ বাবে বিবেচিত কৰিছিল। কিন্তু শিল্পীগৰাকীয়ে চৰকাৰৰ এই সন্মান প্ৰত্যাখ্যান কৰিছিল।

ইয়াৰ পিছতে তেওঁ ২৭ জানুৱাৰীত ক’ভিদত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল। প্ৰবীণ গায়িকাগৰাকী ২৭ জানুৱাৰীৰ পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

মঙলবাৰে, এপ’ল’ চিকিৎসালয়ে এক চিকিৎসা বুলেটিনত তেওঁক আইচিইউলৈ স্থানান্তৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছিল। অৱশেষত কালি নিশাই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

শিল্পীগৰাকীৰ মৃত্যুত শোকাহত হৈ পৰিছে অনুৰাগী সকল। কিংবদন্তী শিল্পী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সাংস্কৃতিক জগতৰ তাৰকাসকলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে প্ৰসিদ্ধ শিল্পী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও টুইটাৰ যোগে কিংবদন্তী শিল্পী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনায়।

 

স্মৰ্তব্য যে ১৯৭২ চনৰ জানুৱাৰী মাহত বাংলাদেশৰ প্ৰতিষ্ঠাপক পিতৃ শ্বেখ মুজিবুৰ ৰহমান কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত “বঙ্গবন্ধু ফিৰে বালো তোমাৰ, স্বপ্নাৰ স্বধিন বাংলাই” গীতটোৱে তেওঁক আদৰণি জনোৱা হৈছিল। এই বিখ্যাত গীতটোত কণ্ঠদান কৰিছিল সন্ধ্যা মুখাৰ্জীয়ে।

এই গীতটি বহু সংখ্যক লোকৰ দুখ-কষ্ট আৰু ত্যাগৰ এক শান্ত আৰু আৱেগিক স্মাৰক আছিল। মুখাৰ্জীৰ কণ্ঠত প্ৰাণ পাই উঠা গীতটিয়ে কেৱল মুক্তি বাহিনীৰ সৈনিকসকলক অনুপ্ৰাণিত কৰাই নহয়, লগতে মানুহৰ হৃদয় আৰু মনত দেশপ্ৰেমৰ উৎসাহ সৃষ্টি কৰি সাধাৰণ মানুহক একত্ৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।