NORTHEAST NOW (Assamese)
অসম

মাঘী পূৰ্ণিমা উপলক্ষ্যে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত ভক্তৰ ভিৰ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ February 16, 2022 2:24 pm

মাঘী পূৰ্ণিমা উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয় কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগমৰে আজি পুৱাৰে পৰা উদুলি-মুদুলি হৈ পৰে ভড়ালী নামঘৰ চৌহদ।
পুৱাৰ পৰাই নাম-প্ৰসংগ, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰ।

মনৰ অভীষ্ট সিদ্ধিৰ কামনাৰে মাঘী পূৰ্ণিমাৰ দিনটোত ধুপ-দ্বীপ, নৈবদ্যৰে অদৃশ্যজনৰ ওচৰত আঠু লয় ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা সমাগত ভক্তপ্ৰাণ ৰাইজে।

উল্লেখ্য যে ১৫৯৪ শকতে স্থাপন হোৱা ভড়ালী নামঘৰত উদযাপন কৰা এই মাঘী পূৰ্ণিমা কাৰ্যসূচী প্ৰত্যেক বছৰে উলহ-মালহৰে পালন কৰি আহিছে।

আনহাতে লৌকিকতাৰ নিদৰ্শন এয়ে যে ভড়ালী নামঘৰৰ যি লাইখুঁটা আছে সেইয়া তুলসী গছৰ খুঁটা।

অতীজতে ভড়ালী নামঘৰৰ নামঘৰীয়াই নিশা সপোনত দেখে যে কলং নৈৰ বুকুৰে এডাল তুলসী গছৰ খুঁটা উটি আহিছিল।

সেই তুলসী গছৰ খুঁটাৰে ভৰালী নামঘৰ নিৰ্মাণত ব্যৱহাৰ কৰিবলৈ সপোনত দেখাৰ পাছতে কলং নৈৰ বুকুৰ পৰা সেই তুলসী খুঁটা উদ্ধাৰ কৰি ভৰালী নামঘৰৰ মূল খুঁটা হিচাপে ব্যৱহাৰ কৰা হয়।

ইয়াৰোপৰি এই নামঘৰত ভক্তই ভক্তি সহকাৰে ধূপ, দীপ, নৈবদ্যৰে শৰাই শলিতা আগবঢ়ালে মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস আছে।