NORTHEAST NOW (Assamese)
অসম

নামঘৰত আশীষ লৈ তেলিয়া গাঁৱত ভোটদান কৰিলে মণিমাধৱ, কেশৱ মহন্তই

Posted by: বিদ্যুত জ্যোতি বৰা April 11, 2019 12:54 pm

আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ ভোটদান চলি থকাৰ সময়তে নগাঁও জিলাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

মহন্তই কলিয়াবৰ মহকুমাৰ তেলিয়া গাঁওস্থিত ৪৪নং অংগনাৱাদী ভোটগ্ৰহণ কেন্দ্ৰত পুৱা প্ৰায় ৯ বজাত ভোটাদান কৰে। ইয়াৰ পূৰ্বে তেওঁ পুৱা ৭ মান বজাত ভগৱানৰ আশীৰ্বাদ বিচাৰি তেলিয়া গাঁৱৰ ৰাজহুৱা নামঘৰত সেৱা লয়।

ভোটদান কৰি ওলাই আহি সাংবাদিকৰ আগত প্ৰাৰ্থী গৰাকীয়ে কয়, ‘আমি এজাক ৰ’দৰ সন্ধানত আছিলো। আৰু যি জাক ৰ’দ উলাইছে, মা মাতৃভূমী আৰু মাতৃ-ভাষাৰ ৰ’দ এইজাক।‘

আনহাতে প্ৰাৰ্থীগৰাকীৰ ককায়েক তথা অগপ মন্ত্ৰী কেশৱ মহন্ত আজি পুৱাতেই ভোটদান কৰে। মণিমাধৱে কলিবাৰৰ পৰা জয়লাভ কৰাটো নিশ্চিত বুলি উল্লেখ কৰি সাংবাদিকৰ আগত তেওঁ আজি নিৰ্বাচন অনুষ্ঠিত পাঁচোটা সমষ্টিতে অগপ-বিজেপি মিত্ৰজোঁট জয়ী হ’ব বুলি দাবী কৰে।

প্ৰফুল্ল মহন্তই এইবাৰ নিৰ্ব্বাচনী প্ৰচাৰৰ পৰা আঁতৰি থকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ‘মহন্তই ব্যক্তিগত কাৰণত আগবাঢ়ি অহা নাই’ বুলি কৈ বিষয়টো এৰাই চলে।