NORTHEAST NOW (Assamese)
অসম

সৰ্বানন্দ, তৰুণ গগৈৰ লগতে ভোট দিলে পাঁচটা সমষ্টিৰ প্ৰাৰ্থীয়ে

Posted by: এন ই নাও নিউজ April 11, 2019 1:24 pm
bhanu-pallav-

অসমৰ ৫টা সহ দেশৰ মুঠ ৯১ টা সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে। পৰৱৰ্তী চৰকাৰ গঠনৰ উদ্দেশ্যে অসমৰ সাধাৰণ জনতাৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ৰাজ্যৰ আন আন শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক নেতাসকলেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

জানিব পৰা মতে আজি ৰাতিপুৱাই মুখ্য মন্ত্ৰী সোণোৱালে ডিব্ৰুগড়স্থিত অসম সাহিত্য সভা ভৱনত স্থাপন কৰা ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটদান কৰি সোণোৱালে কয়, ‘অসমৰ লগতে ভাৰতবৰ্ষৰ জনগণে উন্নয়ন, শান্তি–সম্প্ৰীতি আৰু নিৰাপত্তাৰ স্বাৰ্থত দ্বিতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধান মন্ত্ৰী হিচাপে শাসনৰ গাদীত অধিষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছে’।

CM casts vote 2

 

আনহাতে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ পুত্ৰ তথা কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাটৰ ১২৫ নং দেবীচৰণ বৰুৱা হাইস্কুলত ভোটদান কৰে।

ভোটদানৰ পিছতে সাংবাদিকৰ আগত প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে ৰাইজক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এখন উপযুক্ত চৰকাৰ গঠন কৰাত সহায় কৰিবলৈ আহ্বান জনায়।

ইফালে সাংসদ গৌৰৱ গগৈয়েও সকলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ কৰে।

তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানু আৰু বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসেও আজি ৰাতিপুৱাই ভোটদান কৰে। ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে দুয়োজন প্ৰাৰ্থীয়ে ঐতিহাসিক মহাভৈৰৱ মন্দিৰত সেৱা জনায়।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত তীব্ৰ বাক্য বাণেৰে ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰখা তেজপুৰ সমষ্টিটোৰ দুয়োজন প্ৰাৰ্থীয়ে মহাভৈৰৱ মন্দিৰত মুখামুখি হোৱাত দুয়ো দুয়োকে অভিনন্দন জনোৱাৰ লগতে ইজনে সিজনৰ সৈতে হাত মিলোৱা পৰিলক্ষিত হয়। এই ছবিয়ে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

Gourab Gogoi

আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ, বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী, যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই, বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, কলিয়াবৰ সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত, লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই আৰু বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাইও নিজ নিজ ভোটকেন্দ্ৰত ভোটদান কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ত কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰ সমষ্টিত ভোটদান প্ৰক্ৰিয়া চলি আছে। আনহাতে ৰাজ্যৰ পৰৱৰ্তী পৰ্যায় দুটা অহা ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব।