NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

সাগৰৰ মাজভাগতে যাত্ৰীবাহী ক্ৰুজ জাহাজত অগ্নিকাণ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 18, 2022 12:39 pm
Fire Breaks Out On Cruise Ship

ভূমধ্যসাগৰৰ আয়নিয়ান সাগৰৰ মাজেৰে যাত্ৰা কৰি থকা এখন যাত্ৰীবাহী ক্ৰুজ জাহাজত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

গ্ৰীক বন্দৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ইটালীৰ পতাকাযুক্ত ইউৰোফেৰী অলিম্পিয়া নামৰ জাহাজন গ্ৰীচৰ পৰা ইটালীৰ ব্ৰিন্দিছি বন্দৰ অভিমুখে ৰাওনা হৈছিল।

জাহাজখনত ২৩৭ জন যাত্ৰী আৰু ৫১ জন কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি জাহাজখনত থকা যাত্ৰীসকলক সহায় কৰিবলৈ তিনিখন টাগ নাও আৰু তিনিখন টহলদাৰী নাও প্ৰেৰণ কৰা হৈছে।

বৰ্তমানলৈকে জাহাজখনত থকা কোনো লোকৰে হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

গ্ৰীক উপকূলৰক্ষী বাহিনীয়ে জনোৱা অনুসৰি এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

তেওঁলোকে লগতে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।