NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

নেহৰুৰ লোকসভাত এতিয়া প্ৰায় আধাসংখ্যক সাংসদেই ধৰ্ষণ-হত্যাৰ দৰে অপৰাধৰ গোচৰত বিচাৰাধীন!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 18, 2022 10:23 am
Singapore PM's Remarks On Indian MP

“নেহৰুৰ ভাৰত এনে এক অৱস্থালৈ অৱনমিত হৈছে, য’ত সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, লোকসভাৰ প্ৰায় আধাসংখ্যক সাংসদ ধৰ্ষণ আৰু হত্যাৰ অভিযোগকে ধৰি অপৰাধমূলক অভিযোগত বিচাৰাধীন হৈ আছে।”- দেশৰ কোনো বিৰোধী ৰাজনৈতিক নেতা বা আন কোনোবাই এই মন্তব্য কৰা নাই। এই ভাষ্য ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙৰ।

বৃহস্পতিবাৰে ছিংগাপুৰৰ সংসদত প্ৰধানমন্ত্ৰীজনে ভাৰতৰ বাবে লজ্জাজনক কিন্তু এক প্ৰকৃত ছবি দাঙি ধৰি গণতন্ত্ৰৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে কালি ছিংগাপুৰৰ সংসদত গণতন্ত্ৰ কেনেদৰে পৰিচালিত হ’ব লাগে সেই সন্দৰ্ভত এক বিতৰ্কৰ সময়ত এই মন্তব্য কৰে।

লীয়ে কয় যে প্ৰায়বোৰ দেশ উচ্চ আদৰ্শ আৰু মহৎ মূল্যবোধৰ আধাৰত প্ৰতিষ্ঠা হয় যদিও লাহে লাহে ৰাজনীতিৰ গাঁথনি সলনি হয়। তেওঁ কয় যে আজিৰ প্ৰায়বোৰ দেশৰ ৰাজনৈতিক ব্যৱস্থাই দেশখনক গঢ় দিয়া নেতাসকলক আচৰিত কৰি তুলিব।

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুকে ধৰি বিশ্বৰ বিভিন্ন নেতাৰ কথা উল্লেখ কৰি ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়: “স্বাধীনতাৰ বাবে যুঁজ দিয়া আৰু জয় লাভ কৰা নেতাসকল প্ৰায়ে মহান সাহস, অপৰিসীম কৰ্মদক্ষ ব্যতিক্ৰমী ব্যক্তি।”

“তেওঁলোকে এক জলন্ত পৰিস্থিতিৰ মাজেৰে ওলাই আহি ৰাষ্ট্ৰ তথা জনতাৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডেভিদ বেন-গুৰিয়ন, জৱাহৰলাল নেহৰু আৰু আমাৰনিজৰো হৈছে এনে কেইজনমান ব্যক্তি।”- তেওঁ কয়।

লীয়ে লগতে কয় “এই নেতাসকলে জনগণৰ উচ্চ প্ৰত্যাশা পূৰণ কৰি জনসাধাৰণৰ বাবে আৰু দেশৰ বাবে এক নতুন ভৱিষ্যত গঢ়ি তুলিবলৈ চেষ্টা কৰে।”

কিন্তু এই প্ৰাৰম্ভিক প্ৰচেষ্টা তথা প্ৰক্ৰিয়াৰ পাছত এই নেতাসকলৰ উত্তৰাধিকাৰী প্ৰজন্মই প্ৰায়ে এই গতি ধাৰাবাহিকভাৱে বজাই ৰখাটো কঠিন হৈ পৰে বুলি মন্তব্য কৰে লীয়ে।

এই প্ৰসঙ্গতে প্ৰধানমন্ত্ৰী লীয়ে ‘নেহৰুৰ লোকসভাত এতিয়া প্ৰায় আধাসংখ্যক সাংসদ ধৰ্ষণ আৰু হত্যাৰ অভিযোগকে ধৰি অপৰাধমূলক অভিযোগত বিচাৰাধীন হৈ আছে’ বুলি মন্তব্য কৰে। এনে বহু গোচৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলিও দোহাৰে প্ৰধানমন্ত্ৰীজনে।

আনহাতে লীৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী গৰাকীৰ “নেহৰুৰ ভাৰত” আৰু সাংসদসকলৰ অপৰাধমূলক ৰেকৰ্ড সন্দৰ্ভত কৰা মন্তব্যক সমালোচনা কৰি এই মন্তব্য অপ্ৰয়োজনীয় আখ্যা দিয়ে।

বিষয়টো ছিংগাপুৰৰ পক্ষৰ সৈতে আলোচনা কৰা হ’ব বুলি চৰকাৰী সূত্ৰই জনায়। সূত্ৰ অনুসৰি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে ছিংগাপুৰৰ উচ্চায়ুক্তক তলব কৰি এই বিষয়ত আপত্তি দৰ্শাইছে।