NORTHEAST NOW (Assamese)
অসম

কিয় বৰপেটাৰ মেট্ৰিক পৰীক্ষাৰ্থী গৰাকীয়ে বাচি ল’লে আত্মহননৰ পথ?

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস February 19, 2020 8:46 pm
index

চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত পৰীক্ষাকেন্দ্ৰৰ পৰা বহিষ্কৃত বৰপেটাৰ এগৰাকী ছাত্ৰীয়ে  আত্মহননৰ পথ বাছি লয়৷

উল্লেখ্য যে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লিপিকা পাৰবিন নামৰ পৰীক্ষাৰ্থী গৰাকীক বহৰি হাইস্কুল পৰীক্ষা কেন্দ্ৰত আৰবী বিষয়ৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত নিৰীক্ষকে বহিস্কাৰ কৰিছিল ৷

এই ঘটনাত মানসিকভাবে ভাঙি পৰি এদিন পিছতে পৰীক্ষাৰ্থী গৰাকীয়ে বিষাক্ত ঔষধ সেৱন কৰে ৷

পৰিয়ালৰ লোকে লগে লগে পৰীক্ষাৰ্থী গৰাকীক চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷

উন্নত চিকিৎসাৰ বাবে গুৱাহাটীস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত পৰীক্ষাৰ্থী গৰাকীক ভৰ্তি কৰায় যদিও শেষ নিশ্বাস ত্যাগ কৰে ৷

এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷