NORTHEAST NOW (Assamese)
অসম

অসম চুক্তিৰ ৬ নং দফা : উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ পাছত আশাৰে বাট চাই ৰৈছে অসমীয়াই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 19, 2020 8:24 pm
Amit Shah and High level committe

ইতিমধ্যে প্ৰস্তুত কৰা হ’ল অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ পৰামৰ্শদাতা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন।  কিন্তু সততে অসম চুক্তিৰ প্ৰত্যেকটো দফা সফল ৰূপায়ণ কৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এই প্ৰতিবেদন গ্ৰহণ কৰিবলৈ বৰ্তমানো সময় নহ’ল।

যোৱা ১০ ফেব্ৰুৱাৰিত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত কমিটিখনে প্ৰস্তুত কৰি উলিয়াইছিল প্ৰতিবেদন।

এক সুত্ৰৰ পৰা জানিব পৰা মতে যোৱা ১৫ ফেব্ৰুৱাৰিত অধ্যক্ষ বিপ্লৱ শৰ্মাৰ নেতৃত্বত সমিতিৰ এটা সঁজাতি দল কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাতৰ বাবে গৈছিল যদিও সাক্ষাৎ নাপালে আৰু বিমুখ হৈ ঘূৰি আহিবলগীয়া হ’ল।

আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিবেদনে ইতিমধ্যে ১০ ফেব্ৰুৱাৰিত চুড়ান্ত ৰূপ পালে। ১৫ ফেব্ৰুৱাৰিৰ ভিতৰত বা তাৰ পাছত এই প্ৰতিবেদন গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ পৰা জনাইছিল। প্ৰতিবেদন জমা দিয়াৰ এসপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে সেইখন কাৰ্য্যকৰী কৰিব বুলি তেওঁলোকে জনাইছিল। কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এতিয়াও প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় উলিয়াব পৰা নাই।

তেওঁ লগতে কয় যে এখন প্ৰতিবেদন চুড়ান্ত হোৱাৰ পাছত চৰকাৰে যিটো উদ্যোগ ল’ব লাগিছিল বা উৎসাহ দেখুৱাব লাগিছিল, সেইখিনি দেখিবলৈ পোৱা নাই।

এই প্ৰতিবেদন প্ৰদানৰ সন্দৰ্ভত বুধবাৰে উচ্চস্তৰীয় কমিটিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হৈছিল।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক তিনিখনকৈ চিঠি লিখি এই প্ৰতিবেদন প্ৰস্তুতৰ কাম সম্পূৰ্ণ হোৱা বুলি অৱগত কৰা হ’ল বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

ইতিমধ্যে এই প্ৰতিবেদনখন চীল কৰি অসম চুক্তি ৰূপায়ণ দপ্তৰৰ বিষয়াৰ হাতত ৰখা হৈছে বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত জানিবলৈ দিয়ে কমিটিৰ অধ্যক্ষ ড০ বিপ্লৱ কুমাৰ শর্মাই।

‘যোৱা ১০ ফেব্ৰুৱাৰিতে আমি অসম চুক্তি ৰূপায়ণ দপ্তৰৰ বিষয়াৰ হাতত প্ৰতিবেদন দাখিল কৰিছিলো। ইতিমধ্যে আমি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়লৈ প্ৰতিবেদন প্ৰস্তুত হোৱা বুলি জনালো। এতিয়া তেওঁলোকে কেতিয়া গ্ৰহণ কৰে তেওঁলোকৰ কথা। আমি দিয়াৰ দায়িত্ব দিলো এতিয়া তেওঁলোকে কেনেদৰে সংগ্ৰহ কৰে তেওঁলোকৰ কথা,‘-আমাৰ সাংবাদিকৰ আগত শৰ্মাই এইদৰে কয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰতিবেদন প্ৰস্তুত হোৱাৰ এসপ্তাহৰ ভিতৰত কাৰ্য্যকৰী কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি যেন অসাৰ হোৱা পৰিলক্ষিত হ’ল। আজি ৯ টা দিন পাৰ হোৱাৰ পাছতো কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ পৰা কোনোধৰণৰ উত্তৰ লাভ কৰা নাই উচ্চস্তৰীয় সমিতিয়ে।

উল্লেখযোগ্য যে, অসম চুক্তিৰ ৬ নং দফা সমিতিয়ে অসমৰ ইনাৰ লাইন পাৰ্মিট (আই এল পি)প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্যখনত ‘খিলঞ্জীয়া’ লোকৰ সংজ্ঞা নিৰ্দ্ধাৰণৰ বাবে ভিত্তিবৰ্ষ ১৯৫১চন কৰাৰ পৰামৰ্শ আগবঢ়াইছে।