NORTHEAST NOW (Assamese)
অসম

বহিঃৰাজ্যৰ উদ্যোগৰ গ্ৰাসৰ পৰা বচাবলৈ অসমীয়া গামোচালৈ জি আই টেগ

Posted by: এন ই নাও নিউজ April 10, 2018 5:29 pm

অসম হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে অসমীয়া গামোচাক ভৌগোলিক সূচাংক (Geographical Indication, GI) ৰ বাবে পঞ্জীয়ন কৰাৰ পৰিকল্পনা কৰিছে। ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো এটা সামগ্ৰীৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা একধৰণৰ বৌদ্ধিক স্বত্ব।

ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পেটেণ্ট ইনফৰমেইশ্যন চেণৰক জড়িত কৰাইছে।

উল্লেখযোগ্য যে ৰাজ্যৰ বাহিৰৰ পৰা অহা পাৱাৰলুমত উৎপাদিত গামোচাৰ অবাধ বেপাৰে অসমীয়া সংস্কৃতি তথা জাতীয় জীৱনৰ অভিন্ন অংগ স্বৰূপ পৰম্পৰাগত তাঁতশালৰ গামোচাক গ্ৰাস কৰি ধৰাৰ লগতে শিপিনীসকলৰ প্ৰতিও সংকট নমাই আনিছে।

যাৰ পৰিপ্ৰেক্ষিতত সঞ্চালকালয়ে উক্ত পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

মন কৰিবলগীয়া যে পাৱাৰলুমত উৎপাদিত গামোচা তাঁতশালৰ গামোচাৰ সৈতে ইমানেই একে যে কলকাতাস্থিত আঞ্চলিক বস্ত্ৰ উদ্যোগ কাৰ্যালয়েও পাৱাৰলুম গামোচা আৰু তাঁতশালৰ গামোচাৰ মাজৰ পাৰ্থক্য ধৰা পেলোৱাত বিফল হৈছে।

জি আই পঞ্জীয়নৰ প্ৰমাণ পত্ৰই অসমৰ গামোচাৰ ক্ষেত্ৰত বহিৰাগত ফেক্টৰিসমূহে চলাই অহা এই আৰ্হি নকল কৰাৰ বাট বন্ধ কৰিব বুলি আশা কৰিব পাৰি।

হস্ততাঁত আৰো বস্ত্ৰ সঞ্চালকালয়ে ফুলাম, এঙাকটা, তিয়নি আদি সকলো বিধৰ গামোচাকে জি আই পঞ্জীয়নৰ ভিতৰত সামৰি লোৱাৰ পৰিকল্পনা কৰিছে।