NORTHEAST NOW (Assamese)
অসম

দবাত বিশ্বৰ ১নম্বৰ খেলুৱৈক পৰাজিত কৰি চমক দিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্ধাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2022 10:31 am
carlsen-prag.1.1506747

ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ ৰমেশবাবু প্ৰজ্ঞানন্ধাই সমগ্ৰ বিশ্বকে চমক দিলে তেওঁৰ অসাধাৰণ দবা খেলৰ প্ৰতিভাৰে। বিশ্বৰ ১নম্বৰ দবা খেলুৱৈ মেগনাছ কাৰ্লসেনক পৰাজিত কৰিলে প্ৰজ্ঞানন্ধাই।

এয়াৰথিংছ মাষ্টাৰ্ছ নামৰ এক অনলাইন দবা প্ৰতিযোগিতাত এই অঘটন ঘটাই প্ৰজ্ঞানন্ধাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰজ্ঞানন্ধাই ক’লা ৰঙৰ গুটি লৈ খেলি ৩৯তম চালত কাৰ্লসেনক বশীভূত কৰে।

ইয়াৰ পূৰ্বে একেৰাহে তিনিখনক মেচত বিজয়ী হৈছিল কাৰ্লসেন। কিন্তু ভাৰতীয় তৰুণ গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্ধাৰ ওচৰত থমকি ৰ’ল তেওঁৰ বিজয়ৰ ঘোঁৰা। আঠ ৰাউণ্ডৰ শেষত আঠ পইন্টেৰে তেওঁ যৌথভাৱে ১২ নম্বৰ স্থানত আছে।

লগতে পঢ়ক: ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰিলে পুটিনে; আমেৰিকাকে ধৰি পশ্চিমৰ প্ৰতিক্ৰিয়া

প্ৰতিযোগিতাখনত প্ৰজ্ঞানন্ধাই ভালেই খেলিছে আৰু ইয়াৰ পূৰ্বে তেওঁ লেভন এৰোনিয়ানৰ বিৰুদ্ধেও বিজয়ী হৈছে। দুখন ড্ৰ’ আৰু চাৰিখনত পৰাজিত হৈছে তৰণ গ্ৰেণ্ড মাষ্টাৰগৰাকী।

প্ৰজ্ঞানন্ধাই অনিস গিৰি আৰু কুয়াং লিয়েম লে’ৰ বিৰুদ্ধে ড্ৰ’ খেলাৰ বিপৰীতে এৰিক হানসেন, ডিং লিৰেন, জান-ক্ৰিষ্টোফ ডুডা আৰু সাখৰিয়াৰ মামেদিয়াৰ্ভৰ হাতত পৰাজিত হৈছে।

১৯ পইন্ট লাভ কৰি শীৰ্ষস্থানত আছে ইয়ান নেপ’মনিয়াছি। তেওঁ কিছুদিন পূৰ্বে বিশ্ব চেম্পিয়ন কাৰ্লসেনৰ হাতত পৰাজিত হৈছিল।

আৰ প্ৰজ্ঞানন্ধাৰ এই চমকপ্ৰদ সাফল্যত দেশৰ বিভিন্নজনে তৰুণ গ্ৰেণ্ড মাষ্টাৰগৰাকীক শুভেচ্ছা জনাইছে। ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰেও প্ৰজ্ঞানন্ধাক অভিনন্দন জনোৱাৰ লগতে ভাৰতক গৌৰৱান্বিত কৰা বুলি প্ৰশংসা কৰিছে।