• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰিলে পুটিনে; আমেৰিকাকে ধৰি পশ্চিমৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2022 9:28 am
Russia-Ukrain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ পূব অঞ্চলৰ বিচ্ছিন্নতাবাদীৰ নিয়ন্ত্ৰণত থকা দুটা অঞ্চলক স্বাধীন হিচাপে স্বীকৃতি দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। সোমবাৰে নিশা ডোনেটস্ক আৰু লুহানস্ক অঞ্চল দুটাক স্বাধীনতা প্ৰদান সংক্ৰান্তীয় নিৰ্দেশনাত পুটিনে স্বাক্ষৰ কৰে।

ৰাষ্ট্ৰপতি পুটিনৰ এই  সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকা, ইউৰোপীয় ইউনিয়ন, ৰাষ্ট্ৰসংঘ তথা নাটো মিত্ৰজোঁটকে ধৰি বিভিন্ন পক্ষই তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আমেৰাকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ইউক্ৰেইনৰ উক্ত অঞ্চল দুটাত যিকোনো ধৰণৰ ধন বিনিয়োগ, ব্যৱসায় তথা আন কোনো ধৰণৰ লেনদেনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। যিয়ে এই নিৰ্দেশনা অমান্য কৰিব তেওঁলোক কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব বুলিও সকীয়াই দিছে।

Apply Now

লগতে পঢ়ক: উদাসীন চৰকাৰ! ১০০জনলৈ বৃদ্ধি পালে ৰাজ্যত কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা

হোৱাইট হাউছৰ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি বিডেনে বিষয়টোক লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণ আৰু জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ ছোলৎসৰ সৈতে আধা ঘন্টা সময় টেলিফোনিক বাৰ্তালাপ কৰে।

পাশ্চাত্যৰ এই তিনিওগৰাকী নেতাই পুটিনৰ সিদ্ধান্তক তীব্ৰ গৰিহনা দিয়ে আৰু এইক্ষেত্ৰত তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে আলোচনা কৰে। মঙলবাৰে ৰাষ্ট্ৰপতি বিডেনে আৰু কিছু নিষেধাজ্ঞা জাৰি কৰাৰ সম্ভাৱনা আছে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টোনিও গুটৰেছৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে ৰাষ্ট্ৰপতি পুটিনেৰ এই পদক্ষেপ ইউক্ৰেইনৰ সাৰ্বভৌমত্ব তথা অখণ্ডতাৰ লগতে ৰাষ্ট্ৰসংঘৰ ঘোষণাৰ পৰিপন্থী। তেওঁ সকলো পক্ষকে উত্তেজনা নিয়ন্ত্ৰণ কৰি কূটনৈতিক উপায়েৰে সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায়।

The recognition of the two separatist territories in #Ukraine is a blatant violation of international law, the territorial integrity of Ukraine and the #Minsk agreements.

The EU and its partners will react with unity, firmness and with determination in solidarity with Ukraine.

— Ursula von der Leyen (@vonderleyen) February 21, 2022

আনহাতে, ইউৰোপীয় ইউনিয়নে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ইউনিয়নৰ অন্তৰ্ভুক্ত দেশসমূহে ঐক্যবদ্ধভাৱে ইউক্ৰেইনৰ সৈতে থিয় দিব আৰু ৰাছিয়াক প্ৰত্যুত্তৰ দিব।

সেইদৰে, নাটো মিত্ৰজোঁটৰ সচিব প্ৰধান জেন্স ষ্টোলেনবাৰ্গে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ পদক্ষেপক ইউক্ৰেইনৰ স্বাধীনতা তথা সাৰ্বভৌমত্বৰ উলংঘন বুলি উল্লেখ কৰি কয় যে ইয়াৰ ফলত পূব ইউক্ৰেইনত শান্তি প্ৰতিষ্ঠা বিষয়ক ২০১৫চনত স্বাক্ষৰ কৰা চুক্তি প্ৰায় অৰ্থহীন হৈ পৰিব।      

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd