মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ ফলত মৃত্যু হৈছে। এই যুক্তি প্ৰদৰ্শন কৰি বীমা কোম্পানী ‘টাটা এআইজি’য়ে মৃতকৰ পৰিয়ালক ৩০ লাখ টকা স্বাস্থ্য বীমা দিবলৈ অস্বীকাৰ কৰে। তামিলনাডুৰ গ্ৰাহক সুৰক্ষা আদালতত এই গোচৰত মৃতকৰ পৰিয়ালে জয়লাভ কৰিছে। বীমা কোম্পানীটোৰ সকলো যুক্তি নাকচ কৰি আদালতে স্পষ্টকৈ জনাই দিয়ে যে মৃতকৰ পৰিয়ালক সূতে-মূলে সম্পূর্ণ ধন আদায় দিব লাগিব৷
দ্য ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি গোবিন্দস্বামী নামৰ এজন ব্যক্তিয়ে ষ্টেট বেংকৰ পেঞ্চন একাউণ্টৰ জৰিয়তে টাটা এ আই জিত এটা পলিচি কৰিছিল। ২০২২ চনৰ ৪ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩ জানুৱাৰীলৈ এই পলিচিৰ ম্যাদ আছিল। ২০২২ চনৰ ৯ এপ্ৰিলত গোবিন্দস্বামীয়ে পথ দুৰ্ঘটনাত মূৰত গুৰুতৰভাৱে আঘাত পাইছিল। ভেলোৰৰ চিএমচি হাস্পতালত ভৰ্তি কৰোৱা হয়। ১৮ এপ্ৰিলত তাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।
ইয়াৰ পিছত ২০২২ চনৰ ৫ ডিচেম্বৰত তেওঁৰ পত্নী আৰু দুগৰাকী কন্যাই বীমা চুক্তি অনুসৰি ৩০ লাখ টকাৰ বাবে আৱেদন কৰে। কিন্তু ২০২৩ চনৰ ৯ জানুৱাৰীত টাটা এআইজিয়ে এই আবেদন নাকচ কৰে।
কোম্পানীটোৱে দাবী কৰে যে মদ্যপান কৰি গাড়ী চলোৱাৰ সময়ত যদি কোনো ব্যক্তিৰ দুৰ্ঘটনাত মৃত্যু হয় তেন্তে বীমাৰ ধন দিয়া নহয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গোবিন্দস্বামী মদ্যপান কৰি আছিল বুলি দাবী কৰে বীমা কোম্পানীটোৱে।
বীমা কোম্পানীটোৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গোবিন্দস্বামীৰ পৰিয়ালে ভেল্লোৰৰ জিলা গ্ৰাহক সুৰক্ষা আদালতৰ কাষ চাপিছিল। তাতে আদালতে পৰিয়ালটোৰ দাবীৰ সপক্ষে ৰায় দিয়ে। সেই ৰায়ক প্ৰত্যাহ্বান জনাই টাটা এআইজিয়ে ৰাজ্যিক গ্ৰাহক সুৰক্ষা আয়োগৰ ওচৰত আবেদন জনায়। কিন্তু ৰাজ্যিক গ্ৰাহক সুৰক্ষা আদালতেও পূৰ্বৰ ৰায়ক সমৰ্থন কৰে।
আদালতৰ মতে, টাটা এ আই জিয়ে চিকিৎসালয়ৰ নথি দেখুৱাই দাবী কৰে যে গোবিন্দস্বামী মদ্যপ অৱস্থাত আছিল। কিন্তু সেই তথ্য ক’ৰ পৰা আহিল তাৰ কোনো প্ৰমাণ দেখুৱাব পৰা নাছিল বীমা কোম্পানীয়ে। আদালতে কয় যে সুৰা খোৱাৰ অভ্যাস থকা আৰু দুৰ্ঘটনাৰ সময়ত মদ্যপ অৱস্থাত থকা একে কথা নহয়।
বীমা কোম্পানীটোৱে দাবী কৰে যে গোবিন্দস্বামীৰ তেজত এলক’হলৰ পৰিমাণ ১০৬.১ মিলিগ্ৰাম/ডেচিলিটাৰ। কিন্তু আশ্চৰ্যজনকভাৱে তেওঁলোকে এই সন্দৰ্ভত কোনো লেব ৰিপৰ্ট আদালতত দাখিল কৰিব নোৱাৰিলে।
আদালতে কয় যে কাৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল, কোনটো লেবত পৰীক্ষা কৰা হৈছিল সেই সম্পৰ্কে কোনো তথ্য নাই। প্ৰমাণ অবিহনে সংখ্যা এটা লিখিলেই সেইটো সঁচা নহয়। ইয়াৰ উপৰিও টাটা এ আই জিয়ে আদালতত দাখিল কৰা কাগজত গোবিন্দস্বামীৰ মৃত্যুৰ তাৰিখ ১১ এপ্ৰিল ২০২২ বুলি লিখা বুলি প্ৰকাশ পাইছে যদিও পৰিয়ালে প্ৰদান কৰা নথি অনুসৰি ১৮ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।
আদালতে স্পষ্টকৈ কয় যে যদি কোনো বিশেষ নিয়মৰ অজুহাতত বীমা কোম্পানীয়ে ধন দিবলৈ অস্বীকাৰ কৰে, তেন্তে প্ৰকৃততে নিয়ম উলংঘা কৰা হৈছে বুলি প্ৰমাণ কৰাটো বীমা কোম্পানীটোৰ দায়িত্ব, গ্ৰাহক বা তেওঁৰ পৰিয়াল নহয়।
আদালতে বীমা কোম্পানীটোক ২০২৩ চনৰ ১ ছেপ্টেম্বৰৰ পৰা জিলা আদালতৰ ৰায়দানৰ তাৰিখলৈকে পৰিয়ালটোক বছৰি ৯% হাৰত সুত দিবলৈ নিৰ্দেশ দিয়ে। সেৱাত গাফিলতি আৰু তেওঁলোকৰ পৰিয়ালক মানসিক হাৰাশাস্তিৰ বাবে ৫০ হাজাৰ টকা দিব লাগিব। ইয়াৰ উপৰিও এই গোচৰৰ খৰচৰ বাবদ পৰিয়ালটোক আৰু ২৫ হাজাৰ টকা দিব লাগিব।
এই গোচৰৰ প্ৰেক্ষাপটত বিশেষজ্ঞসকলৰ মত যে, চিকিৎসালয়ৰ কাগজত কেবল মদ খোৱাৰ কথা উল্লেখ থকাৰ বাবেই বীমা কোম্পানীয়ে কাৰোবাৰ দাবী নাকচ কৰিব নোৱাৰে। দুৰ্ঘটনাৰ সময়ত সংশ্লিষ্ট ব্যক্তিজন সঁচাকৈয়ে মদ্যপান কৰি আছিল নে নাই সেইটো প্ৰমাণ কৰাটো বীমা কোম্পানীটোৰ দায়িত্ব। কাৰোবাৰ লগত এনেকুৱা হ’লে আতংকিত নহৈ চিকিৎসালয়ৰ সকলো প্ৰতিবেদন, তাৰিখ আৰু তথ্য সযতনে পৰীক্ষা কৰি গ্ৰাহক সুৰক্ষা আদালতৰ কাষ চাপিব লাগে।





