উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ বাবে নিৰ্দিষ্ট ৰষ্টাৰ (কামৰ সূচী)আছে। সেই নিয়ম অনুসৰি ন্যায়াধীশসকলে গোচৰৰ শুনানি ল’ব লাগে। কোনো ব্যক্তিগত গোচৰক দেশজুৰি বৃহত্তৰ জনস্বাৰ্থৰ গোচৰলৈ (পিআইএল)ৰূপান্তৰিত কৰিব নোৱাৰি, যদিহে সেই গোচৰৰ শুনানিৰ দায়িত্ব সংশ্লিষ্ট বিচাৰপীঠৰ ৰষ্টাৰত নাথাকে।
এইবাৰ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে এই নিয়ম কাৰ্যকৰী কৰাৰ বাবে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে। ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহৰ নেতৃত্বাধীন বিচাৰপীঠৰ পৰা কমেও দুটা গোচৰ প্ৰত্যাহাৰ কৰিছে মুখ্য ন্যায়াধীশে। তেওঁৰ সিদ্ধান্তৰ আঁৰত আছে গোচৰৰ শুনানিৰ পৰিসৰ নিৰ্দিষ্ট ৰষ্টাৰৰ বাহিৰলৈ যোৱাৰ অভিযোগ।
সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ লগত আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে। কলেজিয়ামত আছে ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ বি ভি নাগৰত্না, ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ন্যায়াধীশ পি এছ নৰসিংহ।
আদালতৰ সূত্ৰ অনুসৰি ন্যায়াধীশ আমানুল্লাহৰ বিচাৰপীঠৰ জনস্বাৰ্থৰ গোচৰ (পিআইএল) শুনানিৰ কৰ্তৃত্ব নাছিল। কিন্তু ব্যক্তিগত দুটা গোচৰৰ শুনানিৰ সময়ত ইয়াৰ পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ দেশতে বৃহত্তৰ নীতি আৰু প্ৰশাসনিক বিষয়ৰ সৈতে সম্পৰ্কিত কৰা হয়। ন্যায়াধীশ আমানুল্লাহৰ বিচাৰপীঠে ব্যক্তিগত বিবাদক দেশজোৰা জনস্বাৰ্থৰ মামলা (পিআইএল)লৈ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত গোচৰসমূহ প্ৰত্যাহাৰ কৰা হয়।
দেশৰ মুখ্য ন্যায়াধীশৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৰষ্টাৰ অনুসৰি উচ্চতম ন্যায়ালয়ত গোচৰৰ আবণ্টন আৰু শুনানিৰ নিয়ম অক্ষুণ্ণ ৰখা। প্ৰায় চাৰি সপ্তাহ পূৰ্বে মুখ্য ন্যায়াধীশে আদালতৰ আভ্যন্তৰীণ বৈঠকত ন্যায়াধীশসকলক নিজৰ নিৰ্দ্ধাৰিত ৰষ্টাৰ অনুসৰি গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছিল। ন্যায়পালিকাত শৃংখলা বজাই ৰখাৰ বাবে এই নিয়মৰ গুৰুত্বৰ ওপৰতো তেওঁ আলোকপাত কৰিছিল।
এই সিদ্ধান্ত লোৱা দুটা গোচৰৰ ভিতৰত প্ৰথমটো হৈছে এমিটি বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এজন ছাত্ৰৰ অভিযোগ। আয়েশা জৈন নামৰ ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ত তেওঁৰ সৈতে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ আইনীভাৱে নিজৰ নাম সলনি কৰাৰ বাবে বছৰটো নষ্ট হৈছে বুলি অভিযোগ উত্থাপন কৰে।
ন্যায়াধীশ আমানুল্লাহৰ বিচাৰপীঠত গোচৰৰ শুনানিৰ সময়ত বিষয়টো কেৱল ছাত্ৰীগৰাকীৰ অভিযোগতে সীমাবদ্ধ নাছিল। দেশৰ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ প্ৰতিষ্ঠা, পুঁজিৰ যোগান, পৰিচালনা আৰু নিয়ন্ত্ৰণ ব্যৱস্থাৰ বৃহত্তৰ তদন্তৰ বিষয়টো শুনানিৰ সময়ত উত্থাপন হয়। কেন্দ্ৰ, ৰাজ্য আৰু সংশ্লিষ্ট নিয়ন্ত্ৰক সংস্থাসমূহৰ পৰাও সঁহাৰি বিচৰা হৈছিল।
এইবাৰ গোচৰটো ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছে। বিচাৰপীঠত আছে ন্যায়াধীশ আৰ মহাদেৱন আৰু ন্যায়াধীশ অপৰেশ কুমাৰ সিং। ১৯ নৱেম্বৰত শুনানি গ্ৰহণ কৰাৰ কথা।
দ্বিতীয়টো গোচৰ লগানাথন বনাম তামিলনাডু চৰকাৰ। চেন্নাইত অনুমোদিত ডিজাইন অবিহনে ডেৰ মহলীয়া ঘৰ নিৰ্মাণৰ অভিযোগৰ পৰাই এই গোচৰৰ আৰম্ভণি হৈছিল। কিন্তু শুনানিৰ সময়ত বিষয়টো দেশৰ বিভিন্ন প্ৰান্তত অবৈধ নিৰ্মাণ আৰু আৱাসিক সম্পত্তিৰ বাণিজ্যিক ব্যৱহাৰৰ দৰে বৃহত্তৰ সমস্যাৰ দিশলৈ আগবাঢ়ে।
এই গোচৰত দিল্লী-এনচিআৰকে ধৰি বিভিন্ন ৰাজ্য আৰু পৌৰসভা কৰ্তৃপক্ষৰ পৰাও উচ্চতম ন্যায়ালয়ে সঁহাৰি বিচাৰিছিল। এইবাৰ গোচৰটো ন্যায়াধীশ বি ভি নাগৰত্নাৰ নেতৃত্বাধীন বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছে। ২৩ নৱেম্বৰত এই গোচৰৰ শুনানি হ’ব পাৰে।
উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশক ‘মাষ্টাৰ অৱ দ্য ৰষ্টাৰ’ বুলি কোৱা হয়। অৰ্থাৎ কোনখন বিচাৰপীঠে কোনটো গোচৰৰ শুনানি গ্ৰহণ কৰিব সেইটো সিদ্ধান্ত লোৱাৰ সাংবিধানিক আৰু প্ৰশাসনিক দায়িত্ব তেওঁৰ ওপৰত থাকে। নিৰ্দিষ্ট ৰষ্টাৰ অনুসৰি ন্যায়াধীশসকলে গোচৰৰ শুনানি ল’ব লাগে। যদি কোনো বিচাৰপীঠে অনুভৱ কৰে যে কোনো গোচৰৰ পৰিসৰ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে, তেন্তে সেই ক্ষেত্ৰত মুখ্য ন্যায়াধীশৰ পৰা উপযুক্ত পৰামৰ্শ লোৱাৰ নিয়ম আছে।
২০১৭ চনৰ কেম্পেইন ফৰ জুডিচিয়েল একাউণ্টেবিলিটি এণ্ড ৰিফৰ্মছ গোচৰত পাঁচজন ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠেও এই ক্ষমতা স্পষ্ট কৰি দিছিল। তাত কোৱা হৈছিল যে কোনখন বিচাৰপীঠে কোনটো গোচৰৰ শুনানি ল’ব সেইটো সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল মুখ্য ন্যায়াধীশৰ। কোনো বিচাৰপীঠে নিজাববীয়াকৈ কোনো গোচৰ ল’ব নোৱাৰে। মুখ্য ন্যায়াধীশ সূৰ্য্যকান্তই সেই ৰষ্টাৰ ব্যৱস্থাত পুনৰ গুৰুত্ব দিছে। অৱশ্যে ন্যায়াধীশ আমানুল্লাহৰ বিচাৰপীঠৰ এই সিদ্ধান্ত সন্দৰ্ভত তেওঁৰ কোনো মন্তব্য পোৱা হোৱা নাই।





