• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আঁকিবলৈ যোৱা চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাক আটক দিছপুৰ আৰক্ষীৰ! গণেশগুৰিৰ উৰণ সেতুৰ তলত পুনৰ বাধাৰ সন্মুখীন শিল্পী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2026 11:54 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ জন্মদিনটোত প্ৰয়াত শিল্পীগৰাকীৰ আধৰুৱা প্ৰতিচ্ছবিখন সম্পূৰ্ণ কৰাৰ চেষ্টা কৰি আৰক্ষীৰ বাধাৰ সন্মুখীন হ’ল শিল্পী মাৰ্শ্বেল বৰুৱা। বুধবাৰে গুৱাহাটীৰ গণেশগুৰিৰ উৰণ সেতুৰ তলত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ উপস্থিত হোৱা শিল্পীগৰাকীক আটক কৰে দিছপুৰ আৰক্ষীয়ে। একে সময়তে ছবি অঁকাৰ বাবে বাঁহ আৰু অন্যান্য সামগ্ৰী কঢ়িয়াই অনা এখন বাহনো জব্দ কৰি থানালৈ লৈ যায় আৰক্ষীয়ে।

কেইজনমান সহযোগীৰ সৈতে আধৰুৱা প্ৰতিচ্ছবিখনৰ কাম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে গণেশগুৰিত উপস্থিত হৈছিল মাৰ্শ্বেল বৰুৱা। কাম আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলাই থকাৰ সময়তে মঞ্চ নিৰ্মাণৰ বাবে বাঁহ কঢ়িয়াই অনা বাহনখন আৰক্ষীয়ে আগভেটি ধৰে আৰু থানালৈ লৈ যায়। নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত এই কথা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে। ঘটনাৰ দৃশ্যাংশতো আৰক্ষীয়ে এখন বাহনত উঠাই মাৰ্শ্বেল বৰুৱাক লৈ যোৱা দেখা গৈছে। তেওঁ অভিযোগ কৰা অনুসৰি, ঘটনাস্থলীতে তেওঁক কিয় আটক কৰা হৈছে, সেই বিষয়ে কোনো স্পষ্ট কাৰণ জনোৱা হোৱা নাছিল।

Apply Now

ইয়াৰ পূৰ্বেও গণেশগুৰিৰ উৰণ সেতুৰ তলত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ আহি একেধৰণৰ বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলি জনায় শিল্পীগৰাকীয়ে। বৰুৱাৰ ভাষ্য অনুসৰি, পূৰ্বৰবাৰো স্থানত উপস্থিত হোৱাৰ লগে লগেই আৰক্ষীয়ে তেওঁক আটক কৰিছিল। ফলত ছবিৰ কামৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিব পৰা নাছিল তেওঁ। যথেষ্ট অসুবিধাৰ মাজেৰেহে সেইবাৰ প্ৰতিচ্ছবি অংকনৰ কাম কৰিবলগীয়া হৈছিল।

এইবাৰ যাতে কোনো বাধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে ১৬ নৱেম্বৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন মুকলি পত্ৰ লিখিছিল মাৰ্শ্বেল বৰুৱাই। ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ আধৰুৱা প্ৰতিচ্ছবিখনৰ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনাৰ বিষয়ে পত্ৰযোগে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে প্ৰশাসনৰ সহযোগিতাও বিচাৰিছিল তেওঁ। আনকি কাম আৰম্ভ কৰাৰ পূৰ্বেই সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়ে জনোৱা হৈছিল বুলিও দাবী কৰে শিল্পীগৰাকীয়ে।

বৰুৱাই কয়, “আজি জুবিন দাৰ জন্মদিন। দিনটো আমাৰ বাবে অতি বিশেষ। তেওঁৰ আধৰুৱা প্ৰতিচ্ছবিখন সম্পূৰ্ণ কৰাৰ উদ্দেশ্যেই আমি আহিছিলোঁ। সেইবাবেই মুখ্যমন্ত্ৰীলৈ মুকলি পত্ৰ লিখি আমাৰ পৰিকল্পনাৰ বিষয়ে জনাইছিলোঁ আৰু সহযোগিতা বিচাৰিছিলোঁ। প্ৰশাসনকো আগতীয়াকৈ অৱগত কৰা হৈছিল।”

সকলো কথা আগতীয়াকৈ জনোৱাৰ পাছতো আৰক্ষীয়ে কিয় বাধা প্ৰদান কৰিছে, তাক লৈ প্ৰশ্ন উত্থাপন কৰে মাৰ্শ্বেল বৰুৱাই। তেওঁ কয়, “আমি কেৱল এখন ছবি আঁকিব বিচাৰিছোঁ। জুবিন দা অসমৰ মানুহৰ প্ৰাণৰ শিল্পী, সকলোৰে মৰমৰ। তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেৰে এই কাম কৰিব বিচাৰিছোঁ। কিন্তু আৰক্ষী প্ৰশাসনে কিয় আমাক বাধা দিছে, সেয়া বুজি পোৱা নাই। ছবি আঁকিবলৈ হ’লে প্ৰয়োজনীয় ব্যৱস্থাও কৰিব লাগিব। সেই ব্যৱস্থাবোৰ নকৰাকৈ আমি কেনেকৈ প্ৰতিচ্ছবিখন সম্পূৰ্ণ কৰিম? প্ৰশাসনে আমাক কামটো শেষ কৰিবলৈ দিবনে?”

উল্লেখ্য যে মুকলি পত্ৰখনত মাৰ্শ্বেল বৰুৱাই জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ নিশাই গণেশগুৰিৰ উৰণ সেতুৰ তলত শিল্পীগৰাকীৰ এখন প্ৰতিচ্ছবি অংকন কৰাৰ কথাও উল্লেখ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত মহানগৰীৰ সৌন্দৰ্যবৰ্ধনৰ অভিযানৰ সময়ত সেই প্ৰতিচ্ছবিখন মচি পেলোৱা হৈছিল। সেই সময়ত গুৱাহাটী পৌৰ নিগমৰ বিষয়া আৰু কৰ্মচাৰীৰ মাজত হোৱা ভুল বুজাবুজিৰ বাবেহে প্ৰতিচ্ছবিখন আঁতৰোৱা হৈছিল বুলি প্ৰশাসনৰ তৰফৰ পৰা ব্যাখ্যা দিয়া হৈছিল।

ইয়াৰ পাছত পুনৰ প্ৰতিচ্ছবিখন অংকন কৰিবলৈ চেষ্টা কৰিও চৰকাৰী ব্যৱস্থা আৰু আৰক্ষীৰ হেঁচা তথা বাৰে বাৰে সৃষ্টি হোৱা বাধাৰ বাবে কাম সম্পূৰ্ণ কৰিব পৰা নাছিল বুলি অভিযোগ কৰে বৰুৱাই। এইবাৰ সেয়ে মুখ্যমন্ত্ৰীলৈ মুকলি পত্ৰ লিখি একেটা স্থানতে পুনৰ প্ৰতিচ্ছবিখন অংকন আৰু সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা বিচাৰিছিল তেওঁ। জুবিন গাৰ্গৰ শিল্পীসত্তা, সৃষ্টি আৰু আদৰ্শ পৰৱৰ্তী প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাই এই পদক্ষেপৰ উদ্দেশ্য বুলি উল্লেখ কৰে শিল্পীগৰাকীয়ে।

জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই তেওঁৰ প্ৰতিচ্ছবি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰি শিল্পীগৰাকী আৰক্ষীৰ বাধাৰ সন্মুখীন হোৱা ঘটনাই এতিয়া নতুনকৈ প্ৰশ্নৰ সৃষ্টি কৰিছে। এজন শিল্পীয়ে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে হাতত তুলিকা তুলি লোৱাৰ ক্ষেত্ৰতো কিয় বাৰে বাৰে বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে, তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আঁকিবলৈ যোৱা চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাক আটক দিছপুৰ আৰক্ষীৰ! গণেশগুৰিৰ উৰণ সেতুৰ তলত পুনৰ বাধাৰ সন্মুখীন শিল্পী

জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আঁকিবলৈ যোৱা চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাক আটক দিছপুৰ আৰক্ষীৰ! গণেশগুৰিৰ উৰণ সেতুৰ তলত পুনৰ বাধাৰ সন্মুখীন শিল্পী

November 18, 2026 11:54 am
কুলগামত লস্কৰ কমাণ্ডাৰ লতিফক ঘেৰি ধৰিলে নিৰাপত্তা বাহিনীয়ে, আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ! ক’লে, ‘আল্লাহৰ সৈতে দেখা কৰিব বিচাৰোঁ’

কুলগামত লস্কৰ কমাণ্ডাৰ লতিফক ঘেৰি ধৰিলে নিৰাপত্তা বাহিনীয়ে, আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ! ক’লে, ‘আল্লাহৰ সৈতে দেখা কৰিব বিচাৰোঁ’

November 18, 2026 11:25 am
ভুলবঃশত মেঘালয় সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ ভাৰতীয় জোৱানৰ! তাৰপিছত কি হ’ল? সবিশেষ কমেন্ট বক্সৰ লিংকত

ভুলবঃশত মেঘালয় সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ ভাৰতীয় জোৱানৰ! তাৰপিছত কি হ’ল? সবিশেষ কমেন্ট বক্সৰ লিংকত

November 18, 2026 10:12 am
হালধীয়া জাৰ্ছিক  বিদায় দিলে মাহীয়ে! ২০২৭ৰ পৰা চেন্নাই ছুপাৰ কিংছৰ পৰামৰ্শদাতাৰ ভূমিকাত থাকিব ক্ৰিকেটাৰগৰাকী

হালধীয়া জাৰ্ছিক  বিদায় দিলে মাহীয়ে! ২০২৭ৰ পৰা চেন্নাই ছুপাৰ কিংছৰ পৰামৰ্শদাতাৰ ভূমিকাত থাকিব ক্ৰিকেটাৰগৰাকী

November 18, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আঁকিবলৈ যোৱা চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাক আটক দিছপুৰ আৰক্ষীৰ! গণেশগুৰিৰ উৰণ সেতুৰ তলত পুনৰ বাধাৰ সন্মুখীন শিল্পী

জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আঁকিবলৈ যোৱা চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাক আটক দিছপুৰ আৰক্ষীৰ! গণেশগুৰিৰ উৰণ সেতুৰ তলত পুনৰ বাধাৰ সন্মুখীন শিল্পী

November 18, 2026 11:54 am
কুলগামত লস্কৰ কমাণ্ডাৰ লতিফক ঘেৰি ধৰিলে নিৰাপত্তা বাহিনীয়ে, আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ! ক’লে, ‘আল্লাহৰ সৈতে দেখা কৰিব বিচাৰোঁ’

কুলগামত লস্কৰ কমাণ্ডাৰ লতিফক ঘেৰি ধৰিলে নিৰাপত্তা বাহিনীয়ে, আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ! ক’লে, ‘আল্লাহৰ সৈতে দেখা কৰিব বিচাৰোঁ’

November 18, 2026 11:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd