• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী বাংলাদেশ

ভুলবঃশত মেঘালয় সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ ভাৰতীয় জোৱানৰ! তাৰপিছত কি হ’ল? সবিশেষ কমেন্ট বক্সৰ লিংকত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2026 10:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসাৱধানতাবশতঃ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি বাংলাদেশত প্ৰৱেশ কৰা ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ এজন জোৱানক আটক কৰিছিল বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশে (বিজিবি)। মঙলবাৰে দুপৰীয়া মেঘালয় সীমান্তত সংঘটিত হয় এই ঘটনা। অৱশ্যে ঘটনাৰ পাছতে দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ মাজত যোগাযোগ আৰু বৈঠক অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়াৰ ভাগত নিৰাপদে ভাৰতলৈ উভতি আহে জোৱানজন।

চৰকাৰী সূত্ৰ অনুসৰি, আটক হোৱা বিএছএফ জোৱানজন কনিষ্টবল পদৰ। আন এক সূত্ৰই তেওঁ হেড কনিষ্টবল বুলি উল্লেখ কৰিছে। মেঘালয়ৰ জোৱাই অঞ্চলৰ বিপৰীত দিশত বাংলাদেশৰ ছিলেট জিলাৰ বিছনাকান্দি সীমান্ত অৱস্থিত। মঙলবাৰে এই অঞ্চলতে সংঘটিত হয় ঘটনাটো। উল্লেখ্য যে এই অঞ্চলত কাঁইটীয়া তাঁৰৰ বেৰ নাই। পৰ্যটকৰ মাজত জনপ্ৰিয় এই স্থানলৈ ভাৰত আৰু বাংলাদেশৰ পৰা নিয়মীয়াকৈ লোকৰ অহা-যোৱা হয়।

Apply Now

এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, কাঁইটীয়া তাঁৰৰ বেৰ নথকাৰ বাবে অসাৱধানতাবশতঃ বিছনাকান্দি সীমান্ত পাৰ হৈ বাংলাদেশৰ ভূখণ্ডত প্ৰৱেশ কৰে অস্ত্ৰধাৰী বিএছএফ জোৱানজন। সেই সময়তে স্থানীয় লোকসকলে তেওঁক আটক কৰি বিজিবিৰ হাতত গতাই দিয়ে। সূত্ৰ অনুসৰি, স্থানীয় একাংশ লোকে জোৱানজনৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ লগতে তেওঁক মুকলি কৰি দিবলৈও অস্বীকাৰ কৰিছিল।

ইফালে, ঘটনাৰ পাছতে সামাজিক মাধ্যমত বিয়পি পৰে কেইবাটাও ভিডিঅ’। ভিডিঅ’সমূহত দেখা গৈছে, একাংশ বাংলাদেশী লোকৰ মাজত আৱদ্ধ হৈ আছে ভাৰতীয় জোৱানজন। দুজন বিজিবি জোৱানে তেওঁক লগত লৈ গৈছে। জোৱানজনৰ হাতত আছিল এটা ৱাকী-টকী আৰু কান্ধত ওলোমাই থোৱা আছিল এটা ইনছাছ ৰাইফল আৰু এটা পাম্প-একশ্যন গান। আন এটা দৃশ্যত স্থানীয় এজন লোকৰ মটৰচাইকেলত বহুৱাই বিজিবিৰ জোৱানসকলে তেওঁক লৈ যোৱা দেখা গৈছে।

জোৱানজন আটক হোৱাৰ খবৰ লাভ কৰাৰ পাছতে তৎপৰ হৈ পৰে মেঘালয় ছেক্টৰৰ বিএছএফৰ শীৰ্ষ বিষয়াসকল। তেওঁক উদ্ধাৰ কৰি ভাৰতলৈ ঘূৰাই অনাৰ বাবে বিজিবিৰ সমপৰ্যায়ৰ বিষয়াসকলৰ সৈতে তাৎক্ষণিকভাৱে যোগাযোগ কৰা হয়। লগতে অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনোৱা হয় পতাকা বৈঠক। দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীৰ বিষয়াসকলৰ মাজত আলোচনা অনুষ্ঠিত হোৱাৰ পাছত বিজিবিয়ে জোৱানজনক মুকলি কৰি দিয়ে। অৱশেষত মঙলবাৰে সন্ধিয়াৰ ভাগত নিৰাপদে ভাৰতলৈ উভতি আহে তেওঁ। দেশলৈ উভতি অহাৰ পাছত নিয়ম অনুসৰি জোৱানজনৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয়।

উল্লেখ্য যে ভাৰত আৰু বাংলাদেশৰ মাজত থকা ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত আছে বিএছএফ। ইয়াৰ ভিতৰত মেঘালয়ৰ সৈতে বাংলাদেশৰ প্ৰায় ৪৪৩ কিলোমিটাৰ সীমান্ত আছে। এই সীমান্তৰ প্ৰায় ৪০ কিলোমিটাৰ অংশত এতিয়াও কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰা হোৱা নাই। এনে বেৰৰ অভাৱ থকা সীমান্ত অঞ্চলতে অসাৱধানতাবশতঃ ভাৰতীয় জোৱানজন বাংলাদেশত প্ৰৱেশ কৰাত এই ঘটনাৰ সৃষ্টি হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুলবঃশত মেঘালয় সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ ভাৰতীয় জোৱানৰ! তাৰপিছত কি হ’ল? সবিশেষ কমেন্ট বক্সৰ লিংকত

ভুলবঃশত মেঘালয় সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ ভাৰতীয় জোৱানৰ! তাৰপিছত কি হ’ল? সবিশেষ কমেন্ট বক্সৰ লিংকত

November 18, 2026 10:12 am
হালধীয়া জাৰ্ছিক  বিদায় দিলে মাহীয়ে! ২০২৭ৰ পৰা চেন্নাই ছুপাৰ কিংছৰ পৰামৰ্শদাতাৰ ভূমিকাত থাকিব ক্ৰিকেটাৰগৰাকী

হালধীয়া জাৰ্ছিক  বিদায় দিলে মাহীয়ে! ২০২৭ৰ পৰা চেন্নাই ছুপাৰ কিংছৰ পৰামৰ্শদাতাৰ ভূমিকাত থাকিব ক্ৰিকেটাৰগৰাকী

November 18, 2026 9:03 am
শনিৰ ক্ষুদ্ৰ উপগ্ৰহ এনচেলাডাছৰ মহাকাশত ৫ লাখ কিলোমিটাৰতকৈও অধিক দূৰলৈ বিয়পি আছে অদৃশ্য বিদ্যুৎ-চুম্বকীয় তৰংগৰ বিশাল জাল!

শনিৰ ক্ষুদ্ৰ উপগ্ৰহ এনচেলাডাছৰ মহাকাশত ৫ লাখ কিলোমিটাৰতকৈও অধিক দূৰলৈ বিয়পি আছে অদৃশ্য বিদ্যুৎ-চুম্বকীয় তৰংগৰ বিশাল জাল!

November 18, 2026 7:54 am
মাতৃগৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত জটিল অস্ত্ৰোপচাৰ! দেশত প্ৰথমবাৰৰ বাবে বিৰল সফলতা দিল্লীৰ এইমছৰ

মাতৃগৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত জটিল অস্ত্ৰোপচাৰ! দেশত প্ৰথমবাৰৰ বাবে বিৰল সফলতা দিল্লীৰ এইমছৰ

November 18, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুলবঃশত মেঘালয় সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ ভাৰতীয় জোৱানৰ! তাৰপিছত কি হ’ল? সবিশেষ কমেন্ট বক্সৰ লিংকত

ভুলবঃশত মেঘালয় সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ ভাৰতীয় জোৱানৰ! তাৰপিছত কি হ’ল? সবিশেষ কমেন্ট বক্সৰ লিংকত

November 18, 2026 10:12 am
হালধীয়া জাৰ্ছিক  বিদায় দিলে মাহীয়ে! ২০২৭ৰ পৰা চেন্নাই ছুপাৰ কিংছৰ পৰামৰ্শদাতাৰ ভূমিকাত থাকিব ক্ৰিকেটাৰগৰাকী

হালধীয়া জাৰ্ছিক  বিদায় দিলে মাহীয়ে! ২০২৭ৰ পৰা চেন্নাই ছুপাৰ কিংছৰ পৰামৰ্শদাতাৰ ভূমিকাত থাকিব ক্ৰিকেটাৰগৰাকী

November 18, 2026 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd