নিৰাপত্তা বাহিনীৰ সৈতে ভিডিঅ’ কলত কথা পাতিও আত্মসমৰ্পণ কৰিবলৈ মান্তি নহ’ল লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ লতিফ ভাট। বৰঞ্চ নিৰাপত্তা বাহিনীৰ এগৰাকী বিষয়াক তেওঁ স্পষ্টকৈ জনালে, ‘মই আল্লাহৰ সৈতে দেখা কৰিব বিচাৰোঁ। মই বৰ সুখী।’ বুধবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ কুলগাম জিলাত পুনৰ আৰম্ভ হয় নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী। আৰক্ষীৰ দাবী, অঞ্চলটোত লতিফক ঘেৰি ধৰিছে বাহিনীয়ে। তেওঁক আত্মসমৰ্পণ কৰিবলৈ বুজনি দিয়াৰ চেষ্টা চলোৱা হৈছিল যদিও সেই চেষ্টা বিফল হয়।
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে পুৱতি নিশা পোহৰ হোৱাৰ ঠিক আগেয়ে কুলগামৰ জংগলপোৰা গাঁৱত গুলীৰ শব্দ শুনা যায়। ইয়াৰ পাছতে কেইবাখনো গাঁৱত নিৰাপত্তা বাহিনীৰ অভিযান অধিক তীব্ৰ কৰি তোলা হয়। এগৰাকী বিষয়াই ভিডিঅ’ কলৰ জৰিয়তে লতিফৰ সৈতে কথা পাতি তেওঁক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায়। আনকি তেওঁক আশ্বাস দি কোৱা হয়, ‘আমি আপোনাৰ সৈতে আছোঁ।’ কিন্তু সেই আহ্বান প্ৰত্যাখ্যান কৰি লতিফে আল্লাহৰ সৈতে দেখা কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
উল্লেখ্য যে যোৱা ১১ নৱেম্বৰত কুলগামৰ আখৰান অঞ্চলত চি আৰ পি এফৰ এটা তালাচী চকীত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণত আহত হৈছিল চি আৰ পি এফৰ তিনিগৰাকী জোৱান। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে আক্ৰমণৰ পূৰ্বে লতিফ ভাট আৰু তেওঁৰ সহযোগী উমৰ নিছাৰ দাৰে কেইবাটাও অঞ্চলত ঘূৰি নিৰাপত্তা বাহিনীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল। লগতে আক্ৰমণৰ সম্ভাৱ্য লক্ষ্যস্থানসমূহো চিনাক্ত কৰিছিল।
আৰক্ষীৰ দাবী অনুসৰি, ১০ নৱেম্বৰত মীৰ বজাৰ, আখৰান, হাবলিছ আৰু কিলাম অঞ্চলত ঘূৰি আক্ৰমণৰ পৰিকল্পনা কৰিছিল দুয়োজনে। ইয়াৰ পাছদিনা আখৰানৰ চি আৰ পি এফৰ তালাচী চকীত গুলীচালনা কৰি পলায়ন কৰে তেওঁলোকে। পৰৱৰ্তী সময়ত অঞ্চলটোৰ বিভিন্ন স্থানৰ চি চি টি ভি কেমেৰাৰ দৃশ্য পৰীক্ষা কৰি দুয়োকে চিনাক্ত কৰে আৰক্ষীয়ে।
ইফালে, সোমবাৰে কুলগামত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছিল লতিফৰ সহযোগী উমৰ নিছাৰ দাৰ। সেই অভিযানৰ সময়তে নিৰাপত্তা বাহিনীৰ বেষ্টনী ভেদি পলায়ন কৰিবলৈ সক্ষম হৈছিল লতিফ। তাৰ পাছৰে পৰা তেওঁক বিচাৰি অঞ্চলটোত ব্যাপক অভিযান অব্যাহত আছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত সোধা-পোছাৰ বাবে ৫০০ৰো অধিক লোকক আটক কৰা হৈছে বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
আৰক্ষীৰ দাবী, বিগত পাঁচৰ পৰা ছমাহ ধৰি উমৰে নিজৰ অঞ্চলতে লতিফক আশ্ৰয় দিয়াৰ লগতে বিভিন্ন ধৰণে সহায় কৰি আহিছিল। আনকি উমৰ সন্ধানহীন হোৱা বুলি পৰিয়ালৰ তৰফৰ পৰা অভিযোগো দাখিল কৰা হৈছিল। পৰৱৰ্তী সময়ত তদন্তত উমৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আহে। চি চি টি ভি কেমেৰাৰ দৃশ্যতো আক্ৰমণৰ পূৰ্বে লতিফ আৰু উমৰক বিভিন্ন স্থানত ঘূৰি তথ্য সংগ্ৰহ কৰা আৰু আক্ৰমণৰ পাছত পলায়ন কৰা দেখা গৈছে। মঙলবাৰে এই দৃশ্যসমূহ পোহৰলৈ অহাৰ পাছতে বুধবাৰে পুৱতি নিশা লতিফক ঘেৰি ধৰিবলৈ সক্ষম হয় নিৰাপত্তা বাহিনী।
উল্লেখ্য যে যোৱা ২২ জুলাইত অনন্তনাগত আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাতো লতিফৰ নাম সাঙোৰ খাইছিল। সেই আক্ৰমণত এগৰাকী আৰক্ষী কৰ্মীৰ মৃত্যু হৈছিল। ইয়াৰ উপৰি, ১ আগষ্টত কুলগামত দুগৰাকী প্ৰব্ৰজিত শ্ৰমিকক হত্যা কৰাৰ ঘটনাৰ সৈতেও লতিফ জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছে তদন্তকাৰীসকলে। ইয়াৰ পাছতে চি আৰ পি এফৰ তালাচী চকীত চলোৱা গুলীচালনাই তেওঁৰ বিৰুদ্ধে সন্দেহ অধিক গভীৰ কৰি তুলিছে।





