দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিৰুদ্ধে আদালতৰ মজিয়াতে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত এগৰাকী অধিবক্তাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। অভিযুক্ত অধিবক্তা প্ৰবীণ সিংঘললৈ আদালত অৱমাননাৰ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনে দাখিল কৰা আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিয়ে আদালতে।
ন্যায়াধীশ দীপাংকৰ দত্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ তিনিজনীয়া বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত বিচাৰপীঠে কয় যে আদালতৰ মৰ্যাদা আৰু গৰিমা ক্ষুণ্ণ কৰাৰ যি চেষ্টা চলোৱা হৈছে, সেই সন্দৰ্ভত অভিযুক্ত অধিবক্তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে বাৰ এছ’চিয়েচনে দাখিল কৰা আবেদনৰ যথেষ্ট প্ৰাথমিক ভিত্তি আছে।
উচ্চতম ন্যায়ালয়ে ৮ জানুৱাৰীৰ ভিতৰত অধিবক্তা প্ৰবীণ সিংঘলক এই সন্দৰ্ভত নিজৰ বক্তব্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। লগতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ২০ জানুৱাৰীত তেওঁক ব্যক্তিগতভাৱে আদালতত উপস্থিত থাকিবলৈও নিৰ্দেশ দিয়া হৈছে।
বুধবাৰৰ শুনানিত অনলাইনযোগে অংশগ্ৰহণ কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ আবেদনৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়। তেওঁ কয় যে আদালতৰ গৰিমা আৰু মৰ্যাদাৰ সৈতে কোনো ধৰণৰ আপোচ কৰিব নোৱাৰি। গোচৰটোৰ শুনানিত ছলিচিটৰ জেনেৰেলৰ সহায়ো বিচাৰপীঠে বিচাৰিছে।
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা প্ৰদীপ কুমাৰ ৰায়ে আদালতক জনায় যে নিজৰ এটা গোচৰৰ জৰুৰী শুনানিৰ আবেদন জনাবলৈ গৈ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ সন্মুখতে আপত্তিজনক মন্তব্য কৰিছিল প্ৰবীণ সিংঘলে। তেওঁৰ মতে, এগৰাকী অধিবক্তাৰ এনে আচৰণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু এনে ঘটনাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।
ইফালে আদালত চৌহদত সামাজিক মাধ্যমৰ অপব্যৱহাৰক লৈয়ো উদ্বেগ প্ৰকাশ কৰে বাৰ এছ’চিয়েচনৰ সভাপতিগৰাকীয়ে। তেওঁ অভিযোগ কৰে যে শেহতীয়াকৈ একাংশ অধিবক্তাই কেৱল সামাজিক মাধ্যমৰ বাবে ভিডিঅ’ নিৰ্মাণ কৰাৰ উদ্দেশ্যেহে আদালতলৈ আহে। আদালতৰ ভিতৰৰ দৃশ্য ভিডিঅ’ কৰি বিভিন্ন মাধ্যমত প্ৰচাৰ কৰা হৈছে। এনে ভিডিঅ’ আঁতৰোৱাৰ ক্ষেত্ৰতো সামাজিক মাধ্যমৰ প্ৰতিষ্ঠানসমূহে যথাযথ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে তেওঁ।
তেওঁ লগতে কয় যে একাংশ সামাজিক মাধ্যমৰ পৃষ্ঠাত ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰি ধাৰাবাহিকভাৱে ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। এনে কাৰ্যৰ ফলত সংশ্লিষ্ট লোকসকলৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি এক ভুল ধাৰণাৰ সৃষ্টি হৈছে।
অৱশ্যে সামাজিক মাধ্যমৰ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে নিৰ্দেশনা জাৰিৰ বাবে বাৰ এছ’চিয়েচনে আবেদন জনালেও সেই প্ৰতিষ্ঠানসমূহক গোচৰটোৰ পক্ষভুক্ত কৰা হোৱা নাই বুলি আদালতে স্পষ্ট কৰে। সেয়েহে সম্প্ৰতি কেৱল প্ৰবীণ সিংঘলৰ বিৰুদ্ধে উত্থাপিত অভিযোগহে বিচাৰলৈ গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। অৱশ্যে আবেদনখন সংশোধন কৰি সামাজিক মাধ্যমৰ প্ৰতিষ্ঠানসমূহকো গোচৰটোৰ সৈতে জড়িত কৰাৰ অনুমতি দিছে বিচাৰপীঠে।
উল্লেখ্য যে যোৱা সোমবাৰে দুপৰীয়া প্ৰায় দুই বজাত এই ঘটনাৰ সূত্ৰপাত হৈছিল। জানিব পৰা মতে, প্ৰবীণ সিংঘলে যোৱা ২ নৱেম্বৰত নিজৰ এটা গোচৰৰ জৰুৰী শুনানিৰ বাবে তালিকাভুক্ত কৰাৰ আবেদন জনাইছিল। কিন্তু ১৫ দিন পাৰ হোৱাৰ পাছতো কোনো উত্তৰ নোপোৱাৰ অভিযোগ কৰিছিল তেওঁ। সোমবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে বিষয়টো পৰীক্ষা কৰি চোৱাৰ আশ্বাস দিছিল। কিন্তু তাত সন্তুষ্ট নোহোৱা অধিবক্তাগৰাকীয়ে গোচৰটো অত্যন্ত জৰুৰী বুলি দাবী কৰি আৰু অপেক্ষা কৰিব নোৱাৰিব বুলি জনায়। ইয়াৰ পিছতে আদালতৰ মজিয়াৰ ভিতৰতে উচ্চস্বৰে মুখ্য ন্যায়াধীশৰ উদ্দেশ্যে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উঠে তেওঁৰ বিৰুদ্ধে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে তেওঁক আদালতৰ মজিয়াৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে।
ইয়াৰ পিছদিনা অৰ্থাৎ মঙলবাৰে বাৰ এছ’চিয়েচনৰ সচিব প্ৰজ্ঞা বাঘেলে বিষয়টো মুখ্য ন্যায়াধীশৰ দৃষ্টিগোচৰ কৰে। তেওঁ প্ৰবীণ সিংঘলৰ আচৰণক চৰম নিন্দনীয় আৰু ক্ষমাৰ অযোগ্য বুলি অভিহিত কৰে। ইয়াৰ পিছতে অভিযুক্ত অধিবক্তাগৰাকীৰ বিৰুদ্ধে ফৌজদাৰী আদালত অৱমাননাৰ গোচৰ আৰম্ভ কৰাৰ অনুমতি বিচাৰি বাৰ এছ’চিয়েচনে এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণিলৈ পত্ৰ প্ৰেৰণ কৰে।
এটৰ্নী জেনেৰেলেও এই আবেদনৰ প্ৰতি সন্মতি প্ৰকাশ কৰে। ১৯৭১ চনৰ আদালত অৱমাননা আইনৰ ১৫(১)(বি) ধাৰাৰ অধীনত প্ৰবীণ সিংঘলৰ বিৰুদ্ধে ফৌজদাৰী আদালত অৱমাননাৰ গোচৰ আৰম্ভ কৰাৰ বাবে এই ঘটনাক উপযুক্ত বুলি বিবেচনা কৰি তেওঁ অনুমতি প্ৰদান কৰে। নিজৰ সন্মতিপত্ৰত তেওঁ উল্লেখ কৰে যে ৰাজহুৱা এজলাসত অধিবক্তাগৰাকীয়ে কৰা আচৰণ আৰু মন্তব্য অত্যন্ত নিন্দনীয় তথা ক্ষমাৰ অযোগ্য।
বুধবাৰে এটৰ্নী জেনেৰেলৰ সন্মতিপত্ৰসহ অন্যান্য নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰে। লগতে পৰৱৰ্তী শুনানিৰ পূৰ্বে প্ৰবীণ সিংঘলে দাখিল কৰিবলগীয়া শপতনামাৰ প্ৰত্যুত্তৰ দাখিল কৰিবলৈ বাৰ এছ’চিয়েচনকো অনুমতি প্ৰদান কৰিছে আদালতে।





