NORTHEAST NOW (Assamese)
অসম

৪৩৫ বৰ্গ ফুটৰ লগত ২৯ বিঘা চিলিং চাৰপ্লাছ মাটি তুলনা নহয়: ভূপেন বৰা

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী February 22, 2022 5:13 pm
Bhupen Borah

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ পত্নীয়ে ভুৱা বিৱৰণ দাখিল কৰা এটা হাউচিং ফ্লেট অধিগ্ৰহণ কৰা বুলি মন্ত্ৰী পিযুষ হাজৰিকাই অভিযোগ উত্থাপন কৰাৰ পিছতে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

পিযুষ হাজৰিকাৰ অভিযোগ স্বীকাৰ কৰি বৰাই কয় যে তেওঁ ভুল স্বীকাৰ কৰিছে। ফ্লেটটো তেওঁৰ পত্নীৰ পৰা ঘূৰাই ল’বলৈ কোৱাৰ লগতে পত্নীক শাস্তি দিবলৈও আহ্বান জনায় বৰাই।

“মই এই বিষয়ে লুকুৱাব বিচৰা নাই আৰু পলাব বিচৰা নাই” বুলি উল্লেখ কৰে বৰাই।

আনহাতে একে সময়তে ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসঙ্গও উত্থাপন কৰে।

মুখ্যমন্ত্ৰীৰ পৰিয়ালে অধিগ্ৰহণ কৰা ২৯ বিঘা মাটিৰ সৈতে ৪৩৫ বৰ্গ ফুটৰ ফ্লেটৰ তুলনা কৰিব নালাগে বুলি পিযুষ হাজৰিকাক কটুক্তি কৰে বৰাই।

মুখ্যমন্ত্ৰী পৰিয়ালে অধিগ্ৰহণ কৰা ২৯ বিঘা মাটি কাঢ়ি লোৱা হ’ব বুলি হুংকাৰ দি বৰাই ১০ মাৰ্চৰ পৰা ভূমি কেলেংকাৰীৰ বিৰুদ্ধে দিল্লীত ধাৰাবাহিক আন্দোলন হ’ব বুলি ঘোষণা কৰে।

এই আন্দোলনৰ বাবে ইতিমধ্যে আবেদন কৰা হৈছে বুলি বৰাই জানিবলৈ দিয়ে।