NORTHEAST NOW (Assamese)
Uncategorized

পৌৰ নিৰ্বাচন! টীয়কত কংগ্ৰেছৰ প্ৰাৰ্থীক লগত লৈ প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পল্লবী গগৈৰ প্ৰচাৰ

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক February 26, 2022 2:56 pm
Pallavi Gogoi INC campaign.png1

ৰাজ্যত পৌৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। সেইদৰে, টীয়ক পৌৰসভা নিৰ্বাচনৰ বাবেও প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে।

টীয়ক সমষ্টিৰ ৯ নং ৱাৰ্ডৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰিয়ংকা বনিয়াক লগত লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা যুৱনেত্ৰী পল্লবী গগৈয়ে আজি বাঁহবাৰী অঞ্চলত ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলায়।

প্ৰিয়ংকা বনিয়াৰ লগতে নেত্ৰী গৰাকীয়ে জ্যেষ্ঠজনৰ চৰণ চুই দলৰ কৰ্মকৰ্তাৰ সৈতে প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে।

লগতে পঢ়ক: ইউক্ৰেনত আৱদ্ধ লাহদৈগড়ৰ অলিভিয়া ৰাজমেধিৰ মাতৃৰ আহ্বান: চৰকাৰে সকলোকে নিৰাপদে অনাৰ ব্যৱস্থা কৰক

ৰাইজৰ অভাৱ-অভিযোগ শুনি অনাগত দিনত সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰাৰ্থীগৰাকীৰ লগতে নেত্ৰীগৰাকীয়ে।

তেওঁলোকে লগতে মিত্ৰজোঁটৰ প্ৰলোভনত ভোল নগৈ অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছৰ পক্ষত ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছে।