NORTHEAST NOW (Assamese)
অসম

এইমাত্ৰ অহা খবৰ: ৰাষ্ট্ৰপতিৰ সুৰক্ষাত নিয়োজিত বাহনৰ খুন্দাত বোকাখাতত নিহত শ্ৰমিক

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ February 26, 2022 3:30 pm

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ সন্মুখত ঘটিছে এক ভয়ংকৰ দুৰ্ঘটনা।

ৰাষ্ট্ৰপতিৰ সুৰক্ষাত নিয়োজিত বাহনে মহতিয়াই নিলে পথৰ কাষত ৰৈ থকা এজন শ্ৰমিকক।

ফলত ঘটনাস্থলীতে নিহত হয় শ্ৰমিকজন।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বোকাখাতৰ ৩৭ নংৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাতো।

ৰাষ্ট্ৰপতিৰ কয়ভয়ৰ সৈতে যোৱা এখন বাহনে মহতিয়াই নিলে বোকাখাতৰ মিলনপুৰৰ ৰামেশ্বৰ ৰবিদাস নামৰ লোকজনক।

উল্লেখযোগ্য যে ৩ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি গৰাকীয়ে ২৬ আৰু ২৭ অক্টোৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত অতিবাহিত কৰিব ।

আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ এক সমাৰোহত অংশগ্ৰহণ কৰি পোনে পোনে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰাৰ পাছতেই কাজিৰঙালৈ বুলি ৰাওনা হৈছিল ৰাষ্ট্ৰপতি গৰাকীয়ে।

সেই সময়তেই ৰাষ্ট্ৰপতিৰ সৈতে যোৱা কনভয়ৰ বাহনে লোকজনক মহতিয়াই লৈ যোৱা বুলি প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শী তথা স্থানীয় লোকে।