NORTHEAST NOW (Assamese)
দেশ

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি! পিতৃক ৩২ টুকুৰা কৰি কাটি মুকলি খাদত পেলাই দিলে পুত্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2022 3:23 pm
Man Chops Up Father's Body Into 32 Pieces

দিল্লীৰ নৃশংস শ্ৰদ্ধা হত্যাকাণ্ডই কিছুদিন পূৰ্বে তোলপাৰ লগাইছিল সমগ্ৰ দেশ। এই নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য অদ্যপি মাৰ যোৱা নাই। শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰেই পোহৰলৈ অহা আন এক হত্যাকাণ্ডই সম্প্ৰতি পুনৰ আলোড়নৰ সৃষ্টি কৰিছে।

এইবাৰ এই হত্যাকাণ্ড সংঘটিত হৈছে কৰ্ণাটকত। কৰ্ণাটকৰ বাগালকোটৰ এগৰাকী যুৱকে পিতৃক হত্যা কৰি তেওঁৰ মৃতদেহ কাটি ৩২ টুকুৰা কৰি মুকলি খাদত পেলাই দিয়া বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে যোৱা ৬ ডিচেম্বৰত ২০ বৰ্ষীয় বিঠালাই লোহাৰ ৰড ব্যৱহাৰ কৰি পিতৃ পৰশুৰাম কুলালী (৫৩)ক হত্যা কৰিছিল।

আৰক্ষীৰ মতে, পৰশুৰামৰ পত্নী আৰু জ্যেষ্ঠ পুত্ৰ পৃথকে থকাৰ বিপৰীতে কনিষ্ঠ পুত্ৰ বিঠালা পিতৃৰ সৈতে একেলগে আছিল। কিন্তু পৰশুৰামে নিয়মিতভাৱে মদ্যপান কৰি কনিষ্ঠ পুত্ৰ বিঠালাক গালি-গালাজ তথা মানসিক নিৰ্যাতন চলাইছিল।

পিতৃৰ এনে নিয়মীয়া অত্যাচাৰত ক্ষোভিত হৈ পৰিছিল বিঠালা আৰু অৱশেষত যোৱা মঙলবাৰে অতিষ্ঠ হৈ বিঠালাই লোহাৰ ৰড এডালেৰে পিতৃক হত্যা কৰিছিল।

হত্যাকাণ্ডৰ পিছতে বিঠালাই পৰশুৰামৰ মৃতদেহটো ৩২ টুকুৰা কৰি অংশবোৰ বাগালকোট জিলাৰে মন্তুৰ বাইপাছৰ সমীপত অৱস্থিত নিজৰ ফাৰ্মৰ মুকলি খাদত পেলাই দিয়ে।

এই জঘন্য হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বিঠালাক গ্ৰেপ্তাৰ কৰে আৰু নিহত পৰশুৰামৰ মৃতদেহৰ কাটি পেলোৱা অংগসমূহো উদ্ধাৰ কৰে।

আৰ্থমুভাৰ ব্যৱহাৰ কৰি আৰক্ষীয়ে মৃত ব্যক্তিগৰাকীৰ শৰীৰৰ অংগ উদ্ধাৰ কৰে আৰু অভিযুক্ত বিঠালা কুলালিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।