NORTHEAST NOW (Assamese)
দেশ

নিয়মিত ফোনযোগে শাৰদ পাৱাৰৰ বাসগৃহত গুলীবৰ্ষণৰ ভাবুকি: বিহাৰৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2022 4:21 pm
Threat Calls To Sharad Pawar

দেশৰ ৰাজনীতিৰ বয়োজেষ্ঠ নেতা তথা নেচ’নেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সভাপতি শাৰদ পাৱাৰৰ মুম্বাইস্থিত বাসগৃহত ফোনযোগে নিয়মিত ভাবুকি দিয়াৰ অভিযোগত বিহাৰৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, মুম্বাই আৰক্ষীৰ এটা দলে অনুসন্ধান অভিযান চলাই পাটনাৰ পৰা ফোন যোগে ভাবুকি দি থকা এন ছোনী নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি, যোৱা তিনি-চাৰি মাহ ধৰি ছোনীয়ে শাৰদ পাৱাৰৰ বাসগৃহ ছিলভাৰ অক’লৈ ফোন কৰি আহিছিল।

অশ্লীল ভাষা ব্যৱহাৰ কৰি পাৱাৰৰ বাসগৃহৰ নিৰাপত্তাত নিয়োজিত এগৰাকী কনিষ্টবলক ‘মুম্বাইলৈ আহি দেশত নিৰ্মিত বন্দুকেৰে গুলীবৰ্ষণ কৰিব’ বুলি ভাবুকি দিছিল।

আৰক্ষীয়ে ছোনীৰ মোবাইল নম্বৰৰ জৰিয়তে তেওঁৰ পৰিচয় বিচাৰি উলিয়াই প্ৰথমে তেওঁক সকীয়নি দিয়ে।

কিন্তু আৰক্ষীৰ সকীয়নিক আওকাণ কৰি পুনৰ ফোন কৰে। এনে পৰিস্থিতিত অৱশেষত সোমবাৰে ভাৰতীয় দণ্ডবিধিৰ ২৯৪ আৰু ৫০৬ (২) কে ধৰি প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰি ছোনীক গ্ৰেপ্তাৰ কৰে।