NORTHEAST NOW (Assamese)
Popular Stories

Old is Gold! কোটি টকাত বিক্ৰী হ’ল বিশ্বৰ আটাইতকৈ পুৰণি জিনছ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2022 2:19 pm

পৃথিৱীৰ আটাইতকৈ পুৰণি জিনছটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰোলিনাৰ উপকূলত এখন জাহাজৰ ধ্বংসাৱশেষত পোৱা গৈছে। ইয়াক পুনৰ কোটি টকাত বিক্ৰী কৰা হৈছে। জানিব পৰা মতে এই জিনছটো প্ৰায় ১ কোটি (৯৪ লাখ) টকাত বিক্ৰী হৈছে।

উক্ত জাহাজখন ১৮৫৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰোলিনাৰ উপকূলত ডুব গৈছিল। আৰু এই জিনছ পেণ্টটো সেই জাহাজখনৰ ট্ৰাংকত পোৱা গৈছে। এইটো দাবী কৰা হৈছে যে এনেকুৱা কোনো পুৰণি জিনছ আগতে পোৱা হোৱা নাই।

লগতে পঢ়ক: প্ৰসিদ্ধ আমেৰিকান অভিনেত্ৰী-সংগীত শিল্পী জৰ্জিয়া হ’ল্টৰ দেহাৱসান

ইতিহাসবিদ ট্ৰেচি পানেকে কয়, “এই জিনছবোৰ ষ্ট্ৰছৰ দ্বাৰা তৈয়াৰ কৰা নহয়। মই বিশ্বাস নকৰোঁ যে এইটো খনি শ্ৰমিকৰ পেণ্ট। যদিও এই জিনছ কোনে তৈয়াৰ কৰিছিল তাক লৈ বিতৰ্ক চলি আছে, সকলোৱে নিশ্চিত যে এই পেণ্টবোৰ ১২ ছেপ্টেম্বৰ, ১৮৫৭-ৰ আগতে তৈয়াৰ কৰা হৈছিল। কিয়নো সেইদিনা জাহাজখন ডুব গৈছিল।

একাধিক বিশেষজ্ঞই দাবী কৰিছে যে এই বগা জিনছবোৰ বিখ্যাত আমেৰিকান ব্যৱসায়ী লেভি ষ্ট্ৰছৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল।

লগতে পঢ়ক: ‘বলীউডৰ পৰা বিতাড়িত কৰাৰ ষড়যন্ত্ৰ’! জেকলিনৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু নোৰা ফাতেহীৰ

লেভি ষ্ট্ৰছ আছিল পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ প্ৰসিদ্ধ জিনছ নিৰ্মাতা। অৱশ্যে, বহুতৰ মতে এই জিনছবোৰ লেভি ষ্ট্ৰছৰ দ্বাৰা তৈয়াৰ কৰা জিনছতকৈ পুৰণি। কাৰণ ষ্ট্ৰছে ১৮৭৩ চনত প্ৰথম জিনছ তৈয়াৰ কৰিছিল। সেই সময়ত, এই পেণ্টবোৰ খনিকৰ্মীসকলৰ ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছিল।