• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘বলীউডৰ পৰা বিতাড়িত কৰাৰ ষড়যন্ত্ৰ’! জেকলিনৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু নোৰা ফাতেহীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2022 9:42 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নোৰা ফাতেহীয়ে জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে। কেৱল জেকলিনেই নহয়, কেইবাটাও সংবাদ মাধ্যমৰ বিৰুদ্ধেও তেওঁ দিল্লী আদালতত মানহানিৰ গোচৰ ৰুজু কৰিছে।

সুকেশ চন্দ্ৰশেখৰৰ ২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰটোৰ সৈতে বছৰটোৰ আৰম্ভণিৰ পৰাই জড়িত হৈ আছে অভিনেত্ৰীগৰাকী। সেই প্ৰৱঞ্চনাৰ গোচৰটোত নোৰাৰ নামও আছে। আৰু সেই ঘটনাৰ আঁত ধৰিয়েই দিল্লীৰ আদালতত নোৰাৰ গোচৰ ৰুজু।

লগতে পঢ়ক: শ্বুটিং স্থলীত অঘটন: ৰাজপাল যাদৱৰ স্কুটাৰৰ খুন্দাত আহত ছাত্ৰ

Apply Now

এই মানহানিৰ গোচৰত নোৰাই জেকলিনক মুখ্য অভিযুক্ত হিচাপে চিহ্নিত কৰিছে।

গোচৰটোত নোৰাই জনাইছে, “এইটো ক্ৰমান্বয়ে স্পষ্ট হৈ আহিছে যে উক্ত প্ৰতিদ্বন্দীসকলে উদ্যোগটোত তেওঁৰ সৈতে ন্যায়সংগতভাৱে প্ৰতিযোগিতা কৰিব নোৱাৰি অভিযোগকাৰীৰ খ্যাতি কলুষিত কৰিবলৈ চেষ্টা আৰম্ভ কৰিছে। এইটোৱে তেওঁৰ কামৰ ক্ষতি কৰিছে।‘’

গোচৰটোত লগতে কোৱা হৈছে, “অভিযোগকাৰী এই মানহানিকৰ মন্তব্যৰ বাবে ক্ষুব্ধ। অভিযোগকাৰীৰ মন্তব্যৰ পৰিপ্ৰেক্ষিততে এই অভিযোগ আহিছে। এইটো পুনৰ উল্লেখ কৰিব পাৰি যে এই মানহানিকৰ মন্তব্যবোৰ প্ৰথমতে ১ নং অভিযুক্তৰ দ্বাৰা কৰা হৈছিল যিটো পিছত আন অভিযুক্ত ব্যক্তিসকলৰ দ্বাৰা সম্প্ৰচাৰ আৰু প্ৰচাৰ কৰা হয়। তেওঁলোক সকলোৱে ইজনে সিজনৰ সৈতে সম্পৰ্কিত আছিল আৰু এইটো ১ নং অভিযুক্তৰে এটা ষড়যন্ত্ৰ আছিল। ইয়াৰ ফলত অভিযোগকাৰীৰ বিত্তীয়, সামাজিক আৰু ব্যক্তিগত অৱনমন ঘটিছে।‘’

উল্লেখ্য যে ২০০ কোটি টকাৰ আৰ্থিক কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত জেকলিন সোমবাৰে দিল্লীৰ এখন আদালতত হাজিৰ হ’ব লগা হৈছিল। তেওঁ বৰ্তমান জামিনত আছে। ন্যায়াধীশ শৈলেন্দ্ৰ মালিকে শুনানিৰ তাৰিখ ২০ ডিচেম্বৰৰ পিছত ৰখা হ’ব বুলি জনাই দিছে। জেকলিনৰ অধিবক্তাই আদালতক কৈছে যে ইডিয়ে এতিয়াও অভিযোগনামা আৰু অন্যান্য নথিপত্ৰৰ সম্পূৰ্ণ প্ৰতিলিপি অভিনেত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা নাই।

আৰ্থিক কেলেংকাৰীৰ এই গোচৰৰ সন্দৰ্ভত জেকলিনক ইডিয়ে একাধিকবাৰ সোধা-পোছা কৰিছে। গোচৰটোৰ অভিযোগনামাত তেওঁক এজন অভিযুক্ত হিচাপেও ৰখা হৈছে। দিল্লী আৰক্ষীয়ে এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক: বিস্ফোৰণত কঁপিল কাবুল; পাকিস্তানৰ পিছত এইবাৰ আফগানিস্তানতো জেহাদীৰ লক্ষ্য চীনৰ নাগৰিক

ইডিয়ে সন্দেহ কৰিছে যে চন্দ্ৰশেখৰে কাৰাগাৰত থাকোতেও বহু লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল। চন্দ্ৰশেখৰ আৰু তেওঁৰ পত্নী তথা অভিনেত্ৰী লীনা মাৰিয়া পালক ২০২১ চনৰ ছেপ্টেম্বৰত দিল্লী আৰক্ষীয়ে ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd