NORTHEAST NOW (Assamese)
অসম

মাতাল অৱস্থাত গাড়ী চলাই খুন্দিয়ালে আনৰ গাড়ীত! গ্ৰেপ্তাৰৰ সন্মুখীন প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি

Posted by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2022 10:38 am
Kambli

মাতাল অৱস্থাত গাড়ী চলাই আন গাড়ীত খুন্দিওৱাৰ বাবে গ্ৰেপ্তাৰৰ সন্মুখীন হ’ল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ, শচীন তালুকদাৰৰ এসময়ৰ অভিন্ন বন্ধু বিনোদ কাম্বলি।

বাতৰি অনুসৰি, মুম্বাইৰ বান্দ্ৰা অঞ্চলত ঘটা এই ঘটনাত মাতাল অৱস্থাত গাড়ী চলাই যোৱা কাম্বলিয়ে আন এখন গাড়ীত খুন্দিয়ায়। আন একাংশৰ মতে তেওঁ এটা বাসগৃহৰ নঙলামুখত গাড়ীৰে খুন্দা মাৰে।

বান্দ্ৰাৰ স্থানীয় লোকে কাম্বলিৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিয়াত আৰক্ষীয়ে কাম্বলিক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৫ধাৰাত এটা গোচৰ ৰুজু কৰা হয়। আৰক্ষীৰ জিম্মাত কাম্বলিক জেৰা কৰা হয়। দেওবাৰে তেওঁক আদালতত হাজিৰ কৰাৰ পিছত জামিন লাভ কৰে।

লগতে পঢ়ক: শ্ৰীলংকাক তিনিওখন মেচতে হৰুৱাই টী-২০ শৃংখলা দখল কৰিলে ভাৰতে; শৃংখলাৰ শ্ৰেষ্ঠ শ্ৰেয়াস

স্থানীয় লোকে আৰক্ষীক জানিবলৈ দিয়া মতে কাম্বলিয়ে মাতাল অৱস্থাত আবাসগৃহত থকা নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়াতো লিপ্ত হৈছিল।

উল্লেখ্য যে ভাৰতৰ হৈ ১৭খন টেষ্ট মেচ খেলি ১০৮৪ ৰাণ কৰিছে বিনোদ কাম্বলিয়ে। ইয়াৰ ভিতৰত আছে চাৰিটা শতক। সেইদৰে দেশৰ হৈ ১০৪খন এদিনীয়া মেচ খেলি দুটা শতককে ধৰি মুঠ ২,৪৮৮ৰাণ কৰিছে।

যোৱা বছৰ ডিচেম্বৰত চাইবাৰ প্ৰৱঞ্চনাৰ বলি হৈ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে একাউন্টৰ এক লাখৰো অধিক টকা হেৰুৱাইছিল।