NORTHEAST NOW (Assamese)
অসম

কিমান পাৰমাণৱিক অস্ত্ৰ মজুত আছে ৰাছিয়াৰ হাতত ?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 28, 2022 8:51 pm

পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ সমূহৰ ভিতৰত ৰাছিয়াও এখন।

শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব বুলি ভাবুকি দিয়াৰ পিছতেই ইউক্ৰেইনে ৰাছিয়াৰ সৈতে আলোচনা কৰিবলৈ সন্মত হয়।

এতিয়া প্ৰশ্ন হয় ৰাছিয়াৰ হাতত কিমান পাৰমাণৱিক অস্ত্ৰ আছে বাৰু?

ফেডাৰেচন অফ আমেৰিকান ছায়েণ্টিষ্টৰ মতে ৰাছিয়াৰ হাতত প্ৰায় ৫,৯৭৭ টা পাৰমাণৱিক অস্ত্ৰ মজুত আছে।

পাৰমাণৱিক অস্ত্ৰসমূহ মিছাইল, চাবমেৰিন আৰু বিমানৰ পৰা নিক্ষেপ কৰি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব পৰাৰ সামৰ্থ্য আছে ৰাছিয়াৰ।

আনহাতে আন এখন শক্তিশালী ৰাষ্ট্ৰ ব্ৰিটেইনৰ হাতত আছে ২৫৫ টা পাৰমাণৱিক অস্ত্ৰ।

ফেডাৰেচন অফ আমেৰিকান ছায়েণ্টিষ্টৰ মতে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতেই বিশ্বৰ ৯০ শতাংশ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ মজুত আছে।

ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ নিৰস্ত্ৰীকৰণ চুক্তিৰ বিৰুদ্ধে অহৰহ মাত মাতি আহিছে।