NORTHEAST NOW (Assamese)
অসম

দায়িত্ববোধ: বিশ্বনাথত জোৰোণৰ পৰা উঠি পোনে পোনে ভোট দিবলৈ আহিল এগৰাকী কইনা

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ March 6, 2022 4:58 pm

বিশ্বনাথত এগৰাকী কইনা আহিল ভোট দিবলৈ ।

কইনা গৰাকীৰ নাম মৃগাক্ষী শইকীয়া।

বিশ্বনাথৰ বামগাঁৱৰ ৪নং ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰত আজি সেই ৱাৰ্ডৰ বাবে অন্তিমটো ভোট দিয়ে কইনাৰ সাজত অহা মৃগাক্ষীয়ে ।

উল্লেখ্য যে আজি মৃগাক্ষীৰ জোৰোণ আৰু বিয়া ।

পুৱা জোৰোণ আহে আৰু জোৰোণ বিদায় দিয়াৰ পিছতে কইনা গৰাকীয়ে ঘৰৰ কাষতে থকা ভোট কেন্দ্ৰলৈ আহি ঠিক ৪ বজাৰ পূৰ্বে ভোটাধিকাৰ সাব্যস্ত কৰে ক‌ইনা গৰাকীয়ে ।

বামগাঁৱৰ দিলীপ শইকীয়া আৰু ছায়া শইকীয়াৰ জীয়ৰী মৃগাক্ষী শইকীয়াই বামগাঁৱৰ এই ভোটগ্ৰহণ কেন্দ্ৰটোত আজি অন্তিমটো ভোট দি আপ্লিুত হৈ পৰে।

কিয়নো গুৱাহাটীলৈ আজি বিয়া হৈ যোৱাৰ পিছত বাকী নিৰ্বাচন বিলাকত গুৱাহাটীতে তেওঁ ভোটদান কৰিব।