NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ইউক্ৰেইনৰ অৰ্ধসামৰিক বাহিনীত যোগ দিলে ভাৰতীয় ছাত্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 8, 2022 10:19 am
Indian student joins Ukraine paramilitary force

ৰাছিয়াৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক দেশলৈ ঘূৰাই অনা হৈছে। যুদ্ধৰ বিভীষিকাৰ পৰা হাত সাৰিবলৈ ইউক্ৰেইন ত্যাগ কৰিছে ভাৰতীয় শিক্ষাৰ্থীসকলে।

এনে সময়তে ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ হৈ যুদ্ধত অৱতীৰ্ণ হ’বলৈ ইউক্ৰেইনৰ অৰ্ধসামৰিক বাহিনীত যোগদান কৰিছে এগৰাকী ভাৰতীয় ছাত্ৰই।

ইউক্ৰেইনৰ সেনা বাহিনীত যোগদান কৰা এই ছাত্ৰজনক তামিলনাডুৰ কইম্বাটুৰ জিলাৰ ২১ বৰ্ষীয় চাইনিকেশ ৰবিচন্দ্ৰন বুলি চিনাক্ত কৰা হৈছে।

যুৱকজনে সেনা বাহিনীত যোগদান কৰাৰ পিছতে সেনাৰ শীৰ্ষ বিষয়াসকলে ৰবিচন্দ্ৰনৰ বাসগৃহলৈ যায় আৰু তেওঁৰ পিতৃ-মাতৃক এই বিষয়ে সোধা-পোছা কৰে।

শীৰ্ষ বিষয়া সকলে তেতিয়া জানিব পাৰে যে চাইনিকেশ ৰবিচন্দ্ৰনে ভাৰতীয় সেনাত যোগদান কৰিবলৈ আবেদন কৰিছিল যদিও তেওঁ বিফল হৈছিল।

চাইনিকেশ ২০১৮ চনত খাৰকিভৰ নেচনেল এৰোস্পেচ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ ইউক্ৰেইনলৈ গৈছিল। চলিত বৰ্ষৰ জুলাইত তেওঁৰ পাঠ্যক্ৰম সমাপ্ত হ’ব।

ইউক্ৰেইনত চলি থকা যুদ্ধৰ মাজতে পৰিয়ালে চাইনিকেশৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছিল। দূতাবাসৰ সহায় বিচাৰি তেওঁলোকে চাইনিকেশৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছিল।

চাইনিকেশে তেওঁৰ পৰিয়ালক জনাইছিল যে তেওঁ ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ ইউক্ৰেইনৰ অৰ্ধসামৰিক বাহিনীত যোগদান কৰিছে।

ছাত্ৰজনৰ পৰিয়ালে তেওঁক এই সিদ্ধান্ত ত্যাগ কৰি দেশলৈ ঘূৰি আহিবলৈ আহ্বান জনায় যদিও চাইনিকেশে অমান্তি হয়।