NORTHEAST NOW (Assamese)
অসম

ভূমিস্খলৰ বাবে উত্তৰাখণ্ডৰ কেদাৰনাথত আৱদ্ধ অসমৰ তীৰ্থযাত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2019 8:58 am
Kedarnath Temple road landslide

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ বাব বিখ্যাত কেদাৰনাথ মন্দিৰলৈ যোৱা পথত ব্যপক ভূমিস্খলন হৈছে।

পাহাৰত থকা বৃহৎ শিল বাগৰি কেদাৰনাথ মন্দিৰলৈ যোৱা এখন দলং বিধস্ত কৰাৰ ফলত মন্দিৰলৈ যোৱা তীৰ্থ যাত্ৰীসকল তাতেই আবদ্ধ হৈ থাকিবৱগীয়া হৈছে।

আনহাতে, উত্তৰাখণ্ডৰ ভূমিস্খলৰ বাবে কেদাৰনাথত আবদ্ধ হৈ থকা তীৰ্থ যাত্ৰীসকলৰ লগত অসমৰো কেইবাগৰাকী তীৰ্থ যাত্ৰী আছে বুলি খবৰ লাভ কৰিব পৰা গৈছে।

উল্লেখযোগ্য যে, কেদাৰনাথ দৰ্শনৰ বাবে গৈ ভূমিস্খলনৰ বাবে আৱদ্ধ হৈ থাকিবলগীয়া অসমৰ তীৰ্থ যাত্ৰীসকলৰ ভিতৰত ওদালগুৰি জিলাৰ টংলাৰ পুষ্পাঞ্জলি কলিতা, গুৱাহাটীৰ বাসিন্দা ৰিতুপৰ্ণা ৰয় আৰু নিশান ভূঞাঁ নামৰ এটি শিশু আবদ্ধ হৈ থকাৰ বাতৰি লাভ কৰা হৈছে।

আনহাতে, কেদাৰনাথ মন্দিৰলৈ যোৱা সংযোগী পথত হোৱা ভূমিস্খলত বৰ্তমানলৈ আঠগৰাকী লোক আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

অসমৰ পৰা উত্তৰাখণ্ডলৈ যোৱা তীৰ্থ যাত্ৰীসকলৰ লগত পৰিয়ালৰ সদস্য সকলে যোগযোগ কৰিবলৈ চেষ্টা কৰি আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

উল্লেখযোগ্য যে, চলিত বাৰিষাত অসমৰ লগতে উত্তৰাখণ্ড, ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, হিমাচলপ্ৰদেশ,বিহাৰ আদি ৰাজ্যৰ বিভিন্ন স্থানত বানপানীয়ে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে।