NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ ধনশিৰি ইক’ কেম্পত জুবিন গাৰ্গ; ৰাজ্যসভালৈ জুবিনৰ নাম প্ৰস্তাৱ সম্বন্ধে জ্ঞাত নহয় শিল্পী গৰাকী

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 28, 2020 3:38 pm
Zubeen Garg

নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলন আৰু মহানাগৰিক যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বৃহস্পতিবাৰে নিশা বোকাখাতৰ অগৰাতলিৰ ধানবাৰীৰ এটা প্ৰকৃতি শিৱিৰত নৈশ যাপন কৰে জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গে ৷

ধানবাৰীত থকা খ্যাতনামা তথ্য চিত্ৰ নিৰ্মাতা গৌতম শইকীয়াৰ ‘ধনশিৰি ইক’ কেম্প’ত নিশা কটায় কণ্ঠশিল্পী গৰাকীয়ে।

ধনশিৰি ইক’ কেম্পত নিশা কটাই কন্ঠশিল্পী গৰাকীয়ে আজি পুৱা ইক’ কেম্পৰ কাষতে থকা বামুন গাঁৱৰ ৰাইজ আৰু স্থানীয় শিল্পীৰ সৈতে বাৰ্তালাপ কৰে৷

ধানবাৰীৰ নৈসৰ্গিক সৌন্দৰ্যৰ মাজতে স্থানীয় শিল্পী সৌৰভ হাজৰিকা আৰু অনুৰাগ শংকৰৰ গীতো শুনে জুবিনে ৷

আনহাতে, ধনশিৰি  ইক’ কেম্পতে নিশা আৰু পুৱাৰ আহাৰ গ্ৰহণ কৰি কেম্পৰ দৰ্শন চূড়াত উঠি কাজিৰঙা আৰু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভা উপভোগ কৰে তেওঁ৷

ইক’ কেম্পত জুবিনে গৌতম শইকীয়াৰ দ্বাৰা নিৰ্মিত কেতবোৰ বন আৰু বন্যপ্ৰাণীৰ ওপৰত নিৰ্মিত তথ্য চিত্ৰও উপভোগ কৰে ৷

পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ গুৱাহাটীলৈ বুলি যাত্ৰা কৰে ৷ ৰাতিপুৱা সাংবাদিক ৰ সৈতে হোৱা বাৰ্তালাপত জুবিন গাৰ্গে পৰীক্ষাৰ বাবেই ‘কা’ বিৰোধী আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে বুলি জনায় ৷

ৰাজ্যসভাৰ সাংসদৰ বাবে জুবিন গাৰ্গৰ নাম প্ৰস্তাৱ হোৱাৰ প্ৰসংগলৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই প্ৰসংগত একো অৱগত নহয় বুলি জনায় ৷

গুৱাহাটীলৈ গৈ এই প্ৰসংগত তেওঁ সবিশেষ জানিব পৰিব বুলি মন্তব্য কৰি জুবিনে কোনো কাৰণতে ‘কা’ বিৰোধী আন্দোলন বন্ধ নহয় বুলি কয়।