NORTHEAST NOW (Assamese)
অসম

টীয়কত নাৰী দিৱস উদযাপন; নাবাৰ্ডৰ উদ্যোগত বক্তৃতা অনুষ্ঠান

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক March 8, 2022 7:54 pm
International Women Day

আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে টীয়কতো নাবাৰ্ডৰ উদ্যোগত তথা অসমৰ অন্যতম অগ্ৰণী সামাজিক অনুষ্ঠান ‘ৰেঙণি এটি আশা’ৰ সহযোগত টীয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত নাবাৰ্ডৰ যোৰহাট আৰু মাজুলী জিলাৰ বিষয়া কে. ভাইফাই, ৰজাবাৰী নীলমণি ছোৱালী হাইস্কুলৰ শিক্ষয়ত্ৰী স্বৰ্ণলতা বৰুৱা, টীয়ক ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া নিলোৎপলাক্ষী বৰা আৰু নৰ্থইষ্ট স্মল ফাইনেঞ্চ বেংকৰ টীয়কৰ শাখা পৰিচালক ৰবীন পূৰ্টীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: টংলা জলসিঞ্চন বিভাগৰ কোটিটকীয়া কেলেংকাৰী; গাণনিক বিষয়া প্ৰভাত কলিতাক গ্ৰেপ্তাৰ

বিশিষ্ট শিক্ষয়ত্ৰী স্বৰ্ণলতা বৰুৱাই সভাপতিত্ব কৰা উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে বৰ্তমান সময়ত নাৰীৰ স্বনিৰ্ভৰতা, নাৰীৰ অধিকাৰ, শিক্ষা তথা সমাজত নাৰীৰ ভূমিকা আদিৰ ক্ষেত্ৰত মন্তব্য আগবঢ়ায়।

তেওঁলোকে লগতে নাৰী দিৱসৰ তাৎপৰ্য আৰু নাৰী দিৱস পালনৰ কাৰণসমূহ বিশ্লেষণ কৰি উপস্থিত ছাত্ৰী তথা ৰাইজক অৱগত কৰে।

লগতে পঢ়ক: কোনবোৰ দেশ বন্ধু নহয়, ৰাছিয়াই প্ৰস্তুত কৰিলে ইয়াৰ তালিকা! কোন কোন আছে তালিকাত?

উল্লেখ্য যে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগণতে স্থানীয় মহিলাসকলে নিজ হাতেৰে নিৰ্মিত কৰা সামগ্ৰীৰ এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয় আৰু উক্ত প্ৰদৰ্শনীখন উদ্বোধন কৰে নিলোৎপলাক্ষী বৰুৱাই।