NORTHEAST NOW (Assamese)
অসম

কৃষকৰ আৰ্থ – সামাজিক উন্নতিৰ বাবে পূৰ্বাঞ্চলীয় ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰশংসনীয় পদক্ষেপ

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ March 10, 2022 11:29 am

নামনি অসমৰ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটি গাওঁ পঞ্চায়ত এলেকাধীন হলদি়বাৰীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক ৰাইজৰ লগতে মহিলা সকলৰ সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি এটি অভিনৱ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

ভাৰতীয় কৃষি অনুষ্ঠান পৰিষদ আৰু পশ্চিবংগৰ কল্যাণী স্থিত পূৰ্বাঞ্চলীয় ৰষ্ট্ৰীয দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত ‘লাইভলীহুড ইম্প্ৰোভ’ ( Livelihood Improve NEH ) (নৰ্থ ইষ্টাৰ্ণ হিলছ ৰিজিয়ন)” প্ৰকল্পৰ অধীনত আয়োজিত এই অভিনৱ অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড০ ফকৰ উদ্দিন আলী আহমেদে।  সভাৰ আদৰণি পৰ্বৰ পাতনি মেলে নিশিতা পাঠকে ( এছ এম এছ, কে ভি কে) ।

পশু পালন, কৃষি আদি কৰ্মৰ জৰিয়তে নিজৰ লগতে সমাজ তথা দেশৰ আৰ্থিক উন্নতি সাধন কৰাৰ দিহা পৰামৰ্শ আৰু সাহায্য প্ৰদান কৰা এই অনুষ্ঠানটোত পূৰ্বাঞ্চলীয় ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী তথা যুটীয়া সঞ্চালক ড০ ছিতাংচু মোহন দেৱ ,মুখ্য বিজ্ঞানী ড০ চম্পক ভগত, ড০ মোহন মণ্ডল, ড০ ফকৰ উদ্দিন আলী আহমেদ দেৱৰ লগতে শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু , কেবা গৰাকী শিক্ষক আদি কৰ্মী বৃন্দৰ লগতে অঞ্চলটোৰ বহু কেই গৰাকী কৃষক আৰু পুৰুষ মহিলা উপস্থিত থাকে। সভাত উপস্থিত বিজ্ঞানীসকলে বৈজ্ঞানিক পদ্ধতিৰে পশু পালন, ইয়াৰ চিকৎসা , লালন পালন , থকা মেলাৰ পৰিবেশ, জলবায়ু আদি বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়।

সভাত ৰাজস্থানৰ ব্ৰিটেলে জাতৰ উন্নত ছাগলী পালন কৰি অধিক লাভবান হোৱাৰ পদ্ধতি সম্পৰ্কেও আলোচকসকলে আলোকপাত কৰে।

এই অনুষ্ঠানত পশু পালনৰ বাবে লাগতিয়াল সামগ্ৰী ক্ৰমে পশু খাদ্য,, খনিজ মিশ্ৰণ , কেলচিয়াম , লিভাৰ আৰু পেলুৰ দৰৱ তিনিশ কৃষকৰ মাজত বিতৰণ কৰা হয় । ইয়াৰোপৰি ধুবুৰী জিলাৰ শালকোচা, চৈবাৰী, ভেলুপাৰা, গৌৰাংটাৰী, খামাৰপাৰা, নিদানি, বাৰ্নিতাৰা, উদমাৰী, মেধিপাৰা , বহলপুৰ , শ্ৰী গ্ৰাম আদি অঞ্চলৰ কৃষকৰ মাজত উন্নত জাতৰ ৫১ টা গাহৰী আৰু ৪৭ টা ছাগলী বিতৰণ কৰা হয়।

অনুষ্ঠানটি সৰ্বদিশত সফল কৰি তোলাত আগভাগ লয় ক্ৰমে কে ড: ফকৰ উদ্দিন আলী আহমেদ, অভিজিত পাল, নিশিতা পাঠক, দীপাংকৰ বৰা , কৃষ্ণা বৰা, ৰিমঝিম শইকীয়া বৰা, বিনিতা বসুমতাৰী, দিব্যহৃষি ভট্টাচাৰ্য্য, নবনীতা নাথ, মৃদুল দাস,অশোক কমল গগৈ , চন্দন কুমাৰ দাস , আশ্ৰাফুল আহমেদ আদি ব্যক্তিসকলে।