NORTHEAST NOW (Assamese)
দেশ

দেশৰ ন্যায়পালিকাত অধিক সংখ্যক মহিলাৰ অংশীদাৰীত্বৰ পোষকতা মুখ্য ন্যায়াধীশ ৰমনাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2022 1:10 pm
CJI NV Ramana on women participation in judiciary

“দেশৰ আইনী বৃত্তি এতিয়াও পুৰুষ প্ৰধান হৈ আছে। এই বৃত্তিত অধিক অধিক মহিলা প্ৰতিনিধিত্বৰ প্ৰয়োজনীয়তা আছে।”— ন্যায়পালিকাত মহিলাৰ অংশীদাৰীত্ব সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই।

‘আন্তৰ্জাতিক মহিলা ন্যায়াধীশ দিৱস’ উপলক্ষে এক অনলাইন অনুষ্ঠানত ৰমনাই ভাষণত কয় যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে ১৯২ জন প্ৰাৰ্থীৰ পৰামৰ্শ দিছে। ইয়াৰ ভিতৰত ৩৭ গৰাকী মহিলা আছে।

দুৰ্ভাগ্যবশতঃ পৰামৰ্শ দিয়া মুঠ ৩৭ গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত এতিয়ালৈকে মাত্ৰ ১৭ গৰাকীকহে নিযুক্তি দিয়া হৈছে বুলি তেওঁ খেদ প্ৰকাশ কৰে। বাকী সকলৰ নিযুক্তি প্ৰক্ৰিয়া এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিচাৰাধীন হৈ আছে বুলি তেওঁ উল্লেখ কৰে।

আইনী বৃত্তিত অধিক মহিলা প্ৰতিনিধিত্বৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে আইনী শিক্ষাত মহিলাৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ আগবঢ়ায়।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই যোৱা বৰ্ষৰ ২৮ এপ্ৰিলত প্ৰতি বছৰৰ ১০ মাৰ্চত আন্তৰ্জাতিক মহিলা ন্যায়াধীশ দিৱস হিচাপে পালন কৰাৰ সংকল্প লৈছিল। কাটাৰে আগবঢ়োৱা এই প্ৰস্তাৱৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰত অন্যতম আছিল।

আইনী বৃত্তিত মহিলাৰ কম সংখ্যক প্ৰতিনিধিত্বৰ বাবে এতিয়াও পুৰুষ প্ৰধান হৈ আছে বুলি ৰমনাই মন্তব্য কৰে। এনে ক্ষেত্ৰত ১০ মাৰ্চক আন্তৰ্জাতিক মহিলা ন্যায়াধীশ দিৱস হিচাপে স্বীকৃতি দিয়া কাৰ্য সজাগতা সৃষ্টিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ অভিহিত কৰে।

তেওঁ কয়, “ভাৰতীয় সমাজত মহিলাসকলে সন্মুখীন হৈ অহা সমস্যা তথা কুসংস্কাৰৰ বিষয়ে মই সম্পূৰ্ণ সচেতন।” দক্ষতা থকাৰ পিছতো আৰু জ্ঞান অৰ্জন কৰা স্বত্বেও পৰ্যাপ্ত প্ৰতিনিধিত্বৰ অভাৱ মহিলাসকলে নিৰন্তৰ যুঁজিবলগাৰ অন্যতম মুখ্য কাৰণ হিচাপে ৰমনাই চিহ্নিত কৰে।

তেওঁ লগতে ন্যায়াধীশ আৰু অধিবক্তা হিচাপে মহিলাৰ উপস্থিতিয়ে ন্যায় প্ৰদান প্ৰণালী যথেষ্ট উন্নত কৰিব বুলি মত পোষণ কৰে।

“মহিলা সকলে আইনলৈ এক পৃথক দৃষ্টিভংগী আনিছে। এয়া তেওঁলোকৰ অভিজ্ঞতাৰ দ্বাৰা সৃষ্টি হৈছে। পুৰুষ আৰু মহিলাৰ ওপৰত কিছুমান আইনৰ বিভিন্ন প্ৰভাৱৰ বিষয়ে তেওঁলোকৰ অধিক সূক্ষ্ম জ্ঞান আছে।”— ৰমনাই লগতে কয়।