NORTHEAST NOW (Assamese)
অসম

কঞাঁত ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ছাদ্দাম হুছেইনক

Posted by: মৃদুল প্ৰীতম ডেকা,হাজো Updated by: মৃদুল প্ৰীতম ডেকা,হাজো March 13, 2022 4:11 pm

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ অভিযান।

ড্ৰাগছৰ বিৰুদ্ধে কঞাঁ আৰক্ষীয়ে অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

কামৰূপৰ কঞাঁ থানাৰ অন্তৰ্গত বৰডোঙ্গা বটাকুছিত কঞাঁ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ছাদ্দাম হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক।

চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে নিষিদ্ধ হেৰ’ইন। লগতে উদ্ধাৰ হৈছে ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, চিৰিঞ্জ আদি।

ধৃত ছাদ্দাম দীৰ্ঘ দিনে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ আহিছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।