NORTHEAST NOW (Assamese)
অসম

গোলোক চন্দ্র গোস্বামীলৈ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য বটাঁ

Posted by: এন ই নাও নিউজ April 12, 2018 10:10 am
md533574205

অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা জীৱনজোৰা বিশিষ্ট বৰঙণিৰ বাবে গৱেষক, পণ্ডিত গোলোক চন্দ্ৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য বটাঁ।

আনহাতে, পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজৰ কুসংস্কাৰ, বৰ্ণবৈষম্যৰ বিৰুদ্ধে আৰু চিকিৎসা গৱেষণাৰ বাবে মৰণোত্তৰ দেহ তথা মানৱ অংগ দানৰ হকে গণ সচেতনতা বৃদ্ধিৰ বাবে কাম কৰি অহা ইলোৰা বিজ্ঞান মঞ্চলৈ হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বটাঁ আগবঢ়োৱা হৈছে।

দীৰ্ঘদিন ধৰি হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক কুসংস্কাৰ-বিৰোধী দিৱস হিচাপে ইলোৰা বিজ্ঞান মঞ্চই উদ্‌যাপন কৰি আহিছে।

উল্লেখ্যযোগ্য যে চলিত বৰ্ষৰ পৰা দুবছৰৰ মূৰে মূৰে হেমকোষ প্ৰকাশন আৰু সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আগবঢ়াব লগীয়া উক্ত বটাঁপ্ৰাপকৰ বাবে গঠিত পাঁচজনীয়া বাছনি সমিতিয়ে মঙলবাৰে অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।

হেমকোষ প্ৰকাশন আৰু সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আনুষ্ঠানিকভাৱে জনোৱা মতে অহা ১৭ বহাগ তথা ১ মে’, ২০১৮ত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ অৱয়ব  ব্ৰঞ্জৰ মূৰ্তি এটা উন্মোচন কৰিব সাহিত্য অকাডেমিৰ সভাপতি চন্দ্ৰশেখৰ কাম্বাৰে। এই ব্ৰঞ্জৰ মূৰ্তিটো নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাসে।

দহ ফুট উচ্চতাৰ সুবিশাল এই প্ৰতিমূৰ্তি উন্মোচনৰ দিনাই পুৱা ১১ বজাত বিশ্ববিদ্যালয়ৰ বিৰিঞ্চ কুমাৰ বৰুৱা প্ৰেক্ষাগ্ৰহত উপাচাৰ্য ড০ মৃদুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বটাঁ দুটাও প্ৰদান কৰা হ’ব। হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বটাঁত থাকিব দুই লাখ টকাৰ চে’কৰ লগতে প্ৰশস্তি-পত্ৰ আৰু অন্যান্য উপহাৰ। সেইদৰে হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বটাঁত থাকিব এক লাখ টকাৰ চে’ক, প্ৰশস্তি-পত্ৰ আৰু অন্যান্য উপহাৰ।