NORTHEAST NOW (Assamese)
অসম

৭.৪ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই বিধ্বস্ত কৰিলে জাপানক, চাৰিজন নিহত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 17, 2022 12:34 pm

ভূমিকম্পৰ দেশ হিচাবে পৰিচিত জাপানক জোকাৰি গৈছে এক শক্তিশালী ভূমিকম্পই।

ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত দেশ খনৰ ফুকুছিমাকে ধৰি আন কেইবাটাও এঞ্চলত বিস্তৰ ক্ষতিসাধন হোৱাৰ খবৰ আহিছে।

উত্তৰ জাপানৰ ফুকুছিমাৰ উপকূলত অনুভূত হোৱা ভূমিকম্পৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হৈছে।

ভূমিকম্পৰ পিছৰে পৰা টকিঅ’ অঞ্চলৰ ২ নিযুততকৈয়ো অধিক ঘৰত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে।
উল্লেখ্য শেহতীয়াকৈ ভূমিকম্প হোৱা স্থানতে ১১

বছৰ আগতে ৯ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প হৈছিল। তাৰ পিছতে জাপানক গ্ৰাস কৰিছিল শতিকাৰ আটাইতকৈ ভয়াৱহ ছুনামীয়ে।

সেই ছুনামীত মৃত্যু ঘটিছিল হাজাৰ হাজাৰ লোকৰ। শেহতীয়া ভূমিকম্পৰ পিছতো জাপানৰ চৰকাৰে ছুনামীৰ সতৰ্কবাণীন জাৰি কৰিছে।

জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই কয় যে ভূমিকম্পত চাৰিজন লোকৰ মৃত্যু হৈছে।