NORTHEAST NOW (Assamese)
অসম

তীৰ জুৱাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ তামুলপুৰ আৰক্ষীৰ, তিনিজনক আটক

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা March 19, 2022 3:03 pm

তীৰ জুৱাৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষীৰ অভিযান তীব্ৰতৰ।

তামুলপুৰৰ বৰখাটাত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ দেওঘৰীয়া আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত চলে অভিযান।

আৰক্ষীৰ অভিযানত তীৰ খেলৰ তিনি জুৱাৰী আটক।

আটক হোৱা লোক তিনিজন হৈছে ক্ৰমে তামুলপুৰৰ সোণতোলা গাঁওৰ ৰোহিত নাৰ্জাৰী, বৰখাটা গাঁওৰ ধৰ্মেন্দ্ৰ লাহৰী, ঝাৰগাঁওৰ কামিনী কুমাৰ মোছাহাৰী।

তিনিওজনৰ জিম্মাৰ পৰা নগদ ধন, তীৰৰ টিকট, মোবাইল ফোন আৰু আপত্তিজনক নথি পত্ৰ জব্দ।

আটকাধীন তিনিওকে বাক্সা জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

জুৱা, অবৈধ সুৰা, তীৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ তামুলপুৰ আৰক্ষীৰ।

যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰা হব বুলি তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ দেওঘৰীয়াই মন্তব্য কৰিছে।