NORTHEAST NOW (Assamese)
অসম

অসুখী ভাৰত! সুখী দেশৰ তালিকাত বাংলাদেশ, পাকিস্তানতকৈয়ো তলত ভাৰতৰ স্থান ; শীৰ্ষত কোন?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 20, 2022 1:45 pm

সুখী দেশৰ তালিকাত প্ৰায় শেষৰ পিনে স্থান লাভ কৰিছে ভাৰতে।

শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰসংঘৰ বিশ্বৰ সুখী দেশৰ প্ৰতিবেদন-২০২২ৰ তালিকা অনুসৰি ১৪৬ খন দেশৰ ভিতৰত ১৩৬ সংখ্যক স্থানত আছে ভাৰত।

বিগত বৰ্ষত ভাৰতৰ স্থান আছিলি ১৩৯। এইবাৰ সুখী লোকৰ তালিকাত মাত্ৰ তিনিটা ঘৰ ওপৰলৈ উধাবলৈ সক্ষম হৈছে ভাৰতে।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ এই তালিকাত একেৰাহে পাঁচবছৰৰ বাবে শীৰ্ষ স্থান লাভ কৰিছে ফিনলেণ্ডে। ফিনলেণ্ডে এইবাৰো বিশ্বৰ আটাইতকৈ বেছি সংখ্যক সুখী লোকে বাস কৰা দেশ হিচাবে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।

ৰাষ্ট্ৰসংঘৰ ‘ছাছটেইনেব’ল ডেভেলপমেন্ট ছলিউশ্যন নেটৱৰ্কে’ কোভিড-১৯ৰ প্ৰভাৱ তথা কিদৰে বিশ্বৰ লোকসকলে সফলতা লাভ কৰিছে তাৰ ওপৰত পৰ্যালোচনা কৰি প্ৰতিবেদনখন প্ৰকাশ কৰিছে।

প্ৰতিবেদনত প্ৰস্তুত কৰাৰ সময়ত ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা বিশ্বৰ ১৪৬খন দেশৰ লোকে নিজকে কিমান সুখী বুলি ভাৱে সেই বিষয়ত সমীক্ষা চলোৱা হৈছিল।

উল্লেখ্য যে ২০১৯ত এই প্ৰতিবেদনত ভাৰতৰ স্থান আছিল ১৪০নম্বৰত।

ৰাষ্ট্ৰসংঘৰ এক বিবৃতিত কোৱা হৈছে,’’ভাৰতৰ ক্ষেত্ৰত ব্যক্তিগত সাক্ষাৎ আৰু টেলিফোনিক সাক্ষাৎকাৰ, দুয়োটা পদ্ধতিয়েই গ্ৰহণ কৰা হৈছে। ২০২২ চনত ভাৰতীয়সকলৰ জীৱনযাত্ৰাত তেনে কোনো পৰিৱৰ্তন ঘটা নাই।‘’

বিশ্বৰ আটাইতকৈ সুখী দেশৰ তালিকাত ফিনলেণ্ডে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে তাৰ পাছতে তালিকাত স্থান লাভ কৰিছে ডেনমাৰ্ক, আইচলেণ্ড, চুইজাৰলেণ্ড আৰু নেডাৰলেণ্ডে।

এই তালিকাত পাকিস্তানৰ স্থান ১২১, বাংলাদেশৰ ৯৪ , আমেৰিকা ১৬, শ্ৰীলংকা ১২৭,ব্ৰিটেইন ১৭ , ফ্ৰান্সে  লাভ কৰিছে  ২০  সংখ্যক স্থান।

সেইদৰে, বিশ্বৰ আটাইতকৈ অসুখী দেশৰ তালিকাৰ প্ৰথম স্থানত আছে আফগানিস্তান(১৪৬)।

যি কি নহওঁক, ৰাষ্ট্ৰসংঘৰ এই সুখী দেশৰ তালিকাৰ শেষৰ পিনে পুনৰ ভাৰতে স্থান লাভ কৰাৰ কথা দেশ খনত যে মানুহে সুখেৰে বাস কৰিব পৰা নাই সেয়াই প্ৰমাণ কৰিছে।

উল্লেখ্য ৰাষ্ট্ৰসংঘই ২০ মাৰ্চৰ দিনটো  আন্তৰ্জাতিক বিশ্ব সুখ দিৱস হিচাবে পালন কৰি আহিছে।