NORTHEAST NOW (Assamese)
অসম

খানাপাৰা উৰণীয়া সেঁতুত নাবালিকাৰ মৃতদেহ উদ্ধাৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী March 20, 2022 2:28 pm
Body of minor girl recovered from Khanapara flyover

গুৱাহাটী মহানগৰীৰ খানাপাৰা উৰণীয়া সেঁতুত এগৰাকী নাবালিকাৰ মৃতদেহ উদ্ধাৰ হৈছে।

খানাপাৰাত অনুষ্ঠিত হৈ থকা হুনাৰ হাটৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

এই মুহূৰ্তলৈকে নিহত নাবালিকা গৰাকীৰ সন্ধান ওলোৱা নাই।

উৰণীয়া সেতুৰ ওপৰেৰে অহা-যোৱা কৰা তীব্ৰবেগী বাহনৰ খুন্দাত নাবালিকা গৰাকীৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে।

বশিষ্ঠ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো স্থানান্তৰ কৰাৰ লগতে নাবালিকা গৰাকীৰ পৰিচয় সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।