NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত কুকুৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত পহু উদ্ধাৰ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ March 21, 2022 5:41 pm

কলিয়াবৰৰ জমখলাৰ সমীপৱৰ্তী ভোমোৰাগুৰি গাঁৱত আজি উদ্ধাৰ কৰা হয় এটা মতা পহু।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা পহুটোক চাৰিটাকৈ কুকুৰে আক্ৰমণ কৰাৰ দৃশ্য স্থানীয় লোকে প্ৰত্যক্ষ কৰি পহুটো উদ্ধাৰ কৰে।

এই বিষয়ে প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাক খবৰ দিয়াত ডেকাই শিলঘাট বন বিভাগৰ কৰ্মীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ আহত পহুটো চমজি লয়।

জানিব পৰামতে বন বিভাগে আহত পহুটো চিকিৎসাৰ বাবে পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ।