NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰ ঢোলমাৰাত জামে মছজিদৰ ক্ষতিসাধন দুস্কৃতিকাৰীৰ; চেপা উত্তেজনা

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ June 20, 2022 3:33 pm
কোকৰাঝাৰৰ ঢোলমাৰাত জামে মছজিদৰ ক্ষতিসাধন দুস্কৃতিকাৰীৰ; চেপা উত্তেজনা

কোকৰাঝাৰ জিলাৰ ঢোলমাৰাত দুস্কৃতিকাৰীয়ে জামে মছজিদ ভঙাৰ ঘটনা ঘটিছে।

দুস্কৃতিকাৰীয়ে জামে মছজিদৰ ভেণ্টিলেচন,পানীৰ টেপ আদিৰ ক্ষতিসাধন কৰে।

মছজিদটোত নিশা শিল, ইটাৰ টুকুৰা দলিওৱাৰ অভিযোগ উঠিছে।

ফটো: নৰ্থইষ্ট নাও।

ছালাকাটি আৰক্ষী চকীৰ অধীনৰ ঢোলমাৰাত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে।

মছজিদৰ ক্ষতিসাধনৰ পিছতে সহস্ৰাধিক লোক মছজিদ প্ৰাংগনত উপস্থিত হয়।

ঢোলমাৰাত ইতিমধ্যেই কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি আছে।

কোনে কি উদ্দেশ্যৰে এই ঘটনা সংঘটিত কৰিলে সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই।

ফটো: নৰ্থইষ্ট নাও।

শান্তি বিঘ্নিত কৰাৰ উদ্দেশ্যৰেই মছজিদৰ ক্ষতিসাধনৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ইপিনে, দোষীক কৰায়ত্ত কৰাৰ দাবী জনাইছে এবিএমছু, আৰএমচি, আমছু আৰু নেমছু-য়ে।