NORTHEAST NOW (Assamese)
অসম

উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হ’ল বি টি আৰৰ শিলগাৰা হাইস্কুল ,অঞ্চলজুৰি আন্দৰৰ লহৰ

Posted by: তিলক প্ৰসাদ ,চাপৰ Updated by: তিলক প্ৰসাদ ,চাপৰ September 22, 2021 7:21 pm

বিলাসীপৰা পূব বিধানসভা সমষ্টি তথা ১১ নং বাউখুংগ্ৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বি টি আৰ এলেকাৰ শিলগাঁৰা  গাঁৱত অৱস্থিত “শিলগাৰা হাইস্কুল সুদীৰ্ঘ বহু বছৰৰ অপেক্ষাৰ অন্তত ছাত্ৰ- ছাত্ৰীৰ শিক্ষাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হ’ল ।

শিক্ষাবিভাগে গ্ৰহণ কৰা এই পদক্ষেপক শিক্ষাপ্ৰেমী ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে শলাগ লৈছে ।

উক্ত বিদ্যালয়ত কাৰ্য্য নিৰ্বাহ কৰি অহা ভাৰপ্ৰাপ্ত অধ্যক্ষ মাজেন্দ্ৰ গয়াৰীৰ ঐকান্তিক প্ৰচেষ্টাত এই বিদ্যালয় খনৰ উন্নীতকৰণ সম্ভৱ হৈ উঠে।

তাল ,ঘণ্টা, শংখ ধ্বনিৰে এটি ভক্তিময় পৰিবেশৰ মাজেৰে ফিটা কাটি, নাৰিকল ভাঙি কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই অনুষ্ঠানটি উদ্বোধন কৰে। এই উপলক্ষ্যে অনুষ্ঠিত সভাত দিয়া ভাষণত উপায়ুক্তগৰাকীয়ে কয় যে এটা আজিৰ পৃথিৱীত আমাৰ সকলোৰে বাবে প্ৰাথমিক শিক্ষা খিনিৰ দৰকাৰ আছে।

যি সকলে পঢ়া শুনা কৰি ওলাই গৈছে তেওঁলোকে চাকৰি লৈছে বা ভাল ব্যৱসায় কৰি জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰিছে।

উপায়ুক্ত বৰ্ণালী ডেকাৰ বক্তব্য শুনি উপস্থিত সকলোৱে আপ্লুত হৈ পৰে।

কোকৰাঝাৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ উদেশ্য বাখ্যা কৰে স্কুল খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মাজেন্দ্র গয়াৰীয়ে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ১১ নং বাউখুংৰী পৰিষদিয় সমষ্টিৰ এম চি এল এ দনেশ্বৰ গয়াৰীয়ে।

ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্ছলত অৱস্থিত শিলগাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চক্ৰশিলা, জৰ্ণাগাৰা , বাঘেৰখোজ , দামোদৰপুৰ ,পুখুৰী পাৰা , সুপাৰিগুৰী , বাশবাৰী আদি অঞ্চলৰ ছাত্ৰ- ছাত্ৰী সকলক উপকৃত কৰি আহিছে।