NORTHEAST NOW (Assamese)
অসম

সোণাৰুৰ হালধীয়াৰ মাজত ৰাধাচূড়াৰ কলনিত ‘কৃষ্ণচূড়া মহোৎসৱ’

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা May 31, 2019 11:16 am
Krishnasura Festival

গোৱালপাৰা জিলাৰ শোলমাৰীৰ পৰা নৰনাৰায়ন সেঁতুলৈ ৰে’ল আলিৰ দাঁতিয়ে দাঁতিয়ে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োটা কাষ এতিয়া প্ৰকৃতিয়ে নান্দনিক ৰূপত সজাই তুলিছে। এফালে ডাৱৰে আৱৰি ৰখা ঘন সেউজীয়া পাহাৰ আনফালে কুমৰি বিল আৰু বুঢ়া লুইতৰ অপাৰ সৌন্দৰ্যই পথচাৰীৰ গতি স্তব্ধ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ফুলি উঠিছে কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু ফুলবোৰ।

এই নান্দনিক দৃশ্য পৰ্যটকক দেখুৱাবলৈ গোৱালপাৰাৰ এচাম উৎসাহী ব্যক্তিয়ে অহা ১ জুন শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বামুনঘোপাত সাহিত্য, সংগীত, পৰিৱেশ কেন্দ্ৰিক ‘কৃষ্ণচূড়া মহোৎসৱ’ নামেৰে এক পৰ্যটন উৎসৱৰ আয়োজন কৰিছে।

অনুষ্ঠানৰ দিনা পুৱা ৯ বজাত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা পথৰ দাঁতিত গছপুলি ৰোপন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হ’ব। পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব “ৰাধাচূড়াৰ চোতালত সাহিত্যৰ মেল”। এই অনুষ্ঠানটোত বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকৰ কবিতা, গীত-মাতেৰে ৰসাল হৈ উঠিব। দুপৰীয়া ২-৩০ বজাত “মাঞ্চালেংকাৰ আখলত দুপৰীয়া এসাঁজ”। এই অনুষ্ঠানত অতিথিসকলক স্থানীয় খাদ্যৰে আপ্যায়িত কৰাৰ ব্যৱস্থা কৰিছে গোৱালপাৰাৰ এচাম উদ্যমী যুৱকে।

বিয়লি ৩-০০ বজাত পৰ্যটকসকলৰ বাবে “সোণাৰুৰ সুবাসেৰে লুইতৰ পাৰত বিয়লি দৰ্শন”। এই অনুষ্ঠানৰ যোগেৰে পৰ্যটকসকলক গোৱালপাৰা জিলাৰ ঐতিহ্য আৰু সেই অঞ্চলৰ প্ৰকৃতিয়ে ওপচাই পেলোৱা নান্দনিক দৃশ্য দেখুওৱা হ’ব। এই কাৰ্যসূচীৰ লগত থাকিব এখন গ্ৰন্থ প্ৰদৰ্শনী আৰু স্থানীয় ৰাভা জনজাতিৰ বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী।

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা এই অনুষ্ঠানটিলৈ অসমৰ সকলো প্ৰকৃতি আৰু সাহিত্যপ্ৰেমী ব্যক্তিক উপস্থিত থাকিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে। গুৱাহাটীৰ পৰা গোৱালপাৰা হৈ ধুবুৰীলৈ যোৱা প্ৰতিখন বাছেৰে বামুনঘোপালৈ আহিব পাৰি অথবা গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ যোৱা পেছেঞ্জাৰ ট্ৰেইনেৰে গৈ মাকৰি ষ্টেশ্যনত নামি বামুনঘোপালৈ আহিব পাৰি।