NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত ‘হিলাৰী’ৰ তাণ্ডৱ! খুন্দা মাৰিলে কেলিফৰ্ণিয়াৰ উপকূলত; হ’ল ভূমিকম্পও

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2023 10:18 am

দেওবাৰে কেলিফৰ্ণিয়াৰ দক্ষিণ উপকূলত প্ৰবল বৰ্ষাকালীন ধুমুহা “হিলাৰী”য়ে আঘাত হানে। ইয়াৰ পূৰ্বে ধুমুহাই মেক্সিকো অতিক্ৰম কৰে। হিলাৰীয়ে বৃহৎ বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে।

হিলাৰীয়ে আঘাত কৰাৰ আগদিনা কেলিফৰ্ণিয়াতো ভূমিকম্প অনুভৱ কৰা হৈছিল। ইয়াৰ মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৫.১।

বিগত ৮৪ বছৰৰ ভিতৰত কেলিফৰ্ণিয়াত আঘাত কৰা প্ৰথমটো গ্রীষ্মমণ্ডলীয় ধুমুহা বুলি কোৱা হৈছে হিলাৰীক৷ বতৰ বিজ্ঞানীসকলে ইয়াক আমফান বা ঘূৰ্ণীবতাহ বুলি ক’বলৈ অনিচ্ছুক। এই বাৰিষাৰ ধুমুহাই ‘মাৰাত্মক’ বানপানীৰ সৃষ্টি কৰিব পাৰে বুলি তেওঁলোকে সকীয়াই দিয়ে।

ফটো: সংগ্ৰহীত।

লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বাছে এই পৰিস্থিতিক “অভূতপূৰ্ব বতৰ” বুলি অভিহিত কৰিছে। যোৱা ২৪ ঘন্টাত মহানগৰীখনত ১৪৪ মিলিমিটাৰ বৰষুণ হয়। বানপানীৰ লগতে কেলিফৰ্ণিয়াতো ভূমিস্খলনৰ সতৰ্কবাণী দিয়া হৈছে।

মেয়ৰ কেৰেন বাছে কয় যে জনসাধাৰণৰ প্ৰতি আমাৰ স্পষ্ট বাৰ্তা হৈছে নিৰাপদে থাকক, ঘৰতে থাকক, সচেতন থাকক। তেওঁ লগতে কয় যে লছ এঞ্জেলছৰ দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ অভিজ্ঞতা আছে, সেয়া জুইয়েই হওক বা ভূমিকম্পই হওক। বাৰিষাৰ ধুমুহা হিলাৰীয়ে আঘাত কৰাৰ লগে লগে জৰুৰীকালীন সেৱা মুকলি কৰি ৰাখিবলৈ বিষয়াসকল তৎপৰ হৈছে।

ইয়াৰ পূৰ্বে হিলাৰীয়ে মেক্সিকোৰ বাজা কেলিফৰ্নিয়া উপদ্বীপত প্ৰতি ঘণ্টাত ১১৯ কিলোমিটাৰ বেগেৰে খুন্দা মাৰিছিল। ধুমুহাত এজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। দেশৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰে এটা বাৰ্তা যোগে কয় যে  বাৰিষাৰ ধুমুহা হিলাৰীয়ে বিশেষ ক্ষতি কৰা নাই।

ফটো: সংগ্ৰহীত।

ইপিনে, বাৰিষাৰ ধুমুহা হিলাৰীয়ে আঘাত কৰাৰ পূৰ্বে কেলিফৰ্ণিয়াত ভূমিকম্পৰ সৃষ্টি হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ইয়াৰ উৎপত্তি উত্তৰ-পশ্চিম কেলিফৰ্ণিয়াৰ ৪.৮ কিলোমিটাৰ গভীৰতাত হৈছিল। ভূমিকম্পত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। ছুনামীৰ কোনো আশংকাও নাই।